অসম

assam

জিকিৰ গাই ভোটাৰক আকৰ্ষণৰ চেষ্টা দিলীপ শইকীয়াৰ

By

Published : Apr 6, 2019, 12:55 PM IST

নৃত্যৰ পাচতেই এতিয়া জিকিৰে স্থান পালে লোকসভা প্ৰাৰ্থীৰ নিৰ্বাচনী প্ৰচাৰত ৷

দিলীপ শইকীয়া

দিপীলা, 6 এপ্ৰিলঃ ভোটাৰক আকৰ্ষণ কৰিবলৈ প্ৰাৰ্থীয়ে অৱলম্বন কৰিছে নিত্য নতুন কৌশল ৷ হিমন্ত বিশ্ব শৰ্মাৰ নৃত্যৰ পৰৱৰ্তী সময়ত এইবাৰ জিকিৰ গালে আন এগৰাকী বিজেপি প্ৰাৰ্থীয়ে ৷

দৰঙত নিৰ্বাচনী প্ৰচাৰ চলাই থকা মঙ্গলদৈ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী দিলীপ শইকীয়াই ভোটাৰক আকৰ্ষণ কৰিবলৈ দিপীলাত গালে জিকিৰ ৷ আনহাতে এই সভাতে অৰ্ধশতাধিত মুছলমান লোকে বিজেপি দলত যোগদান কৰে ৷

দিলীপ শইকীয়া

ছিপাঝাৰ বিধানসভা সমষ্টিত আঠখনকৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰি দৰং ৰে’ললাইন সম্পৰ্কে অহা পাঁচ বছৰৰ ভিতৰত জিলাখনত ৰে’ললাইন সংযুক্ত কৰিব বুলি প্ৰতিশ্ৰুতি প্ৰদান কৰে প্ৰাৰ্থীগৰাকীয়ে ৷ আনহাতে ছিপাঝাৰ সমষ্টিৰ বিধায়ক বিনন্দ কুমাৰ শইকীয়াই বিজেপি মুছলমান বিৰোধী নহয় ৷ যিসকলে অবৈধভাৱে দেশ তথা ৰাজ্যত প্ৰৱেশ কৰি আমাৰ জাতি-মাটি-ভেটি ৰক্ষাৰ নামত শংকা নমাই আনিছে বিজেপি সেইসকলৰ বিৰোধী বুলি কয় বিজেপি বিধায়কগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details