ধুবুৰী,১৯ এপ্ৰিল: তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত মাত্ৰ দুটা দিন । ২৩ এপ্ৰিলত কোকৰাঝাৰ,গুৱাহাটী,বৰপেটা আৰু ধুবুৰীত অনুষ্ঠিত হ'ব ভোটগ্ৰহণ । এই নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান চলাবলৈ শুকুৰবাৰে ধুবুৰীত উপস্থিত হয় পশ্চিমবংগৰ অভিনেত্ৰী নুস্ৰোত জাহান, ৰুণা খাতুন আৰু ৰাজ্য সভাৰ সাংসদ শান্তনু সেন । তৃণমূল কংগ্ৰেছৰ এই তিনিওগৰাকী হাই-প্ৰফাইল কেম্পেইনাৰে ধুবুৰীত উপস্থিত হৈ তৃণমূল কংগ্ৰেছৰ এক বিশাল ৰেলীত অংশগ্ৰহণ কৰে । ধুবুৰী সমষ্টিৰ তৃণমূলৰ প্ৰাৰ্থী নুৰুল ইছলাম চৌধুৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই অভিনেত্ৰী আৰু সাংসদগৰাকীয়ে । এই বৰ্ষৰ নিৰ্বাচনত তৃণমূল কংগ্ৰেছে পশ্চিমবংগৰ ৪২খন আসনৰ আটাইকেইখন আসন লাভ কৰাৰ বিপৰীতে অসমতো ভাল ফলাফল দেখুৱাবলৈ সক্ষম হ’ব বুলি উল্লেখ কৰে সাংসদ শান্তনু সেনে ।
পশ্চিমবংগৰ ষ্টাৰ কেম্পেইনাৰেৰে তৃণমূল কংগ্ৰেছৰ অসম দখলৰ স্বপ্ন - ৰুণা খাতুন
ধুবুৰীত তৃণমূল কংগ্ৰেছৰ এক বিশাল ৰেলীত অংশগ্ৰহণ কৰে পশ্চিমবংগৰ অভিনেত্ৰী নুস্ৰোত জাহান, ৰুণা খাতুন আৰু ৰাজ্য সভাৰ সাংসদ শান্তনু সেনে
![পশ্চিমবংগৰ ষ্টাৰ কেম্পেইনাৰেৰে তৃণমূল কংগ্ৰেছৰ অসম দখলৰ স্বপ্ন](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3050645-thumbnail-3x2-sahajpg.jpg)
ধুবুৰীত তৃণমূল কংগ্ৰেছৰ এক বিশাল ৰেলী
ধুবুৰীত তৃণমূল কংগ্ৰেছৰ এক বিশাল ৰেলী
আনহাতে, বাংলা ছবি জগতৰ জনপ্ৰিয় অভিনেত্ৰীগৰাকীয়ে তৃণমূল কংগ্ৰেছৰ জয় নিশ্চিত বুলি মন্তব্য কৰি জনসাধৰণৰ লগত সদায় তৃণমূল কংগ্ৰেছ থাকিব বুলি মত প্ৰকাশ কৰে । তাৎপৰ্যপূৰ্ণ ভাৱে, নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি নুস্ৰোত জাহানে অসমৰ মূল সমস্যা এন.আৰ.চি.বুলিও অভিহিত কৰে ।