অসম

assam

ETV Bharat / elections

নৃত্যত আত্মহাৰা বিধায়ক অশ্বিনী ৰায় সৰকাৰ - গোলকগঞ্জ

ধুবুৰীৰ গোলকগঞ্জত মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ প্ৰচাৰ চলাবলৈ বিধায়ক অশ্বিনী ৰায় সৰকাৰ উপস্থিত হৈ নৃত্যত মছগুল হয় ৷

নৃত্যত আত্নাহাৰা বিধায়ক অশ্বিনী ৰায় সৰকাৰ

By

Published : Apr 20, 2019, 5:17 PM IST

ধুবুৰী,20 এপ্ৰিল : মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পাছত এইবাৰ নৃত্যত মছগুল বিধায়ক অশ্বিনী ৰায় সৰকাৰ । শনিবাৰে ধুবুৰীৰ গোলকগঞ্জত নিৰ্বাচনী প্ৰচাৰ চলাবলৈ বিধায়কগৰাকী উপস্থিত হৈ গীতৰ ছন্দে-ছন্দে নাচিবলৈ লয় । 23 এপ্ৰিলত ৰাজ্যৰ কোকৰাঝাৰ,বৰপেটা,গুৱাহাটীৰ সমান্তৰালকৈ ধুবুৰীত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সমষ্টিকেইটাত ইতিমধ্যেই প্ৰচাৰ অভিযান আৰম্ভ হৈ গৈছে । শনিবাৰে গোলকগঞ্জৰ বিজেপি বিধায়ক অশ্বিনী ৰায় সৰকাৰে মিত্ৰজোঁটৰ অগপ প্ৰাৰ্থী জাবেদ ইছলামৰ হৈ প্ৰচাৰ চলাবলৈ ভাগ লয় এক বিশাল পদযাত্ৰাত । বিধায়কগৰাকীয়ে হাজাৰ-হাজাৰ সমৰ্থকক লগত লৈ নৃত্য-গীতত মছগুল হৈ দহ কিলোমিটাৰ পদযাত্ৰাত অংশগ্ৰহণ কৰে ।

নৃত্যত আত্নাহাৰা বিধায়ক অশ্বিনী ৰায় সৰকাৰ

ABOUT THE AUTHOR

...view details