অসম

assam

মোডী আজমলৰ ডাঙৰ ভাই আৰু হিমন্ত সৰু ভাইঃ তৰুণ গগৈ

By

Published : Apr 17, 2019, 8:23 PM IST

৪ নং ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ হৈ জলেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত তাৰাংগাপুৰত নিৰ্বাচনী প্ৰচাৰ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ ৷ সভাত উপস্থিত থাকি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰশ্ন ''অসমত যদি বাংলাদেশী লোক আছে তেন্তে কিয় ভোটদানৰ অধিকাৰ দিছে বিজেপিয়ে?"

গোৱালপাৰাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নিৰ্বাচনী সভা

গোৱালপাৰা, 17 এপ্ৰিলঃ গোৱালপাৰাৰ জলেশ্বৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত তাৰাংগাপুৰত বুধবাৰে অনুষ্ঠিত হয় কংগ্ৰেছৰ এক নিৰ্বাচনী সভা । ৪ নং ধুবুৰী লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীৰ হৈ নিৰ্বাচনী প্ৰচাৰ সভাত অংশ লয় প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ লগতে মৰিয়নীৰ বিধায়ক ৰূপজ্যোতি কুৰ্মী আৰু বিধায়ক এ কে ৰছিদ আলমে।

গোৱালপাৰাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নিৰ্বাচনী সভা

ভাষণ প্ৰসংগত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক ভণ্ড মোডী আখ্যা গোৱালপাৰা পূব সমষ্টিৰ বিধায়ক এ কে ৰছিদ আলমৰ । সভাত উপস্থিত থাকি প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ প্ৰশ্ন ''অসমত যদি বাংলাদেশী লোক আছে তেন্তে কিয় ভোটদানৰ অধিকাৰ দিছে বিজেপিয়ে?" লগতে নৰেন্দ্ৰ মোডীক আজমলৰ ডাঙৰ ভাই আৰু হিমন্ত বিশ্ব শৰ্মাক সৰু ভাই বুলিও কটাক্ষ কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।

ABOUT THE AUTHOR

...view details