অসম

assam

নলবাৰীত তৰুণ গগৈৰ নিৰ্বাচনী প্ৰচাৰ

By

Published : Apr 15, 2019, 8:28 PM IST

প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত নৰেন্দ্ৰ মোদীক ক্ষুৰধাৰ সমালোচনা কৰে । মোদী চৰকাৰ ডকাইত, মোদী মিছলীয়া,ফাকিবাজ বুলি তীব্ৰ সমালোচনা কৰে গগৈয়ে । আনহাতে চাকৰি পাবলৈ মন্ত্ৰীৰ খুলশালী,সভাপতিৰ পত্নী হ'ব লাগিব বুলি কৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিত হোৱা অনিয়মৰ কথাও উল্লেখ কৰে তেওঁ ।

নলবাৰীত তৰুণ গগৈৰ নিৰ্বাচনী প্ৰচাৰ

নলবাৰী, 15 এপ্ৰিল: নলবাৰীত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ নিৰ্বাচনী প্ৰচাৰ সভা । নলবাৰীৰ আল্লিয়াত এখন জনসভাত ৮ নং মঙলদৈ লোকসভা সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী ভুৱনেশ্বৰ কলিতাৰ হৈ প্ৰচাৰ চলায় প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীয়ে । প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে তেওঁৰ ভাষণত নৰেন্দ্ৰ মোদীক ক্ষুৰধাৰ সমালোচনা কৰে । মোদী চৰকাৰ ডকাইত, মোদী মিছলীয়া,ফাকিবাজ বুলি তীব্ৰ সমালোচনা কৰে গগৈয়ে ।

নলবাৰীত তৰুণ গগৈৰ নিৰ্বাচনী প্ৰচাৰ

আনহাতে চাকৰি পাবলৈ মন্ত্ৰীৰ খুলশালী,সভাপতিৰ পত্নী হ'ব লাগিব বুলি কৈ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ নিযুক্তিত হোৱা অনিয়মৰ কথাও উল্লেখ কৰে তেওঁ । মন্ত্ৰী হিমন্ত বিশ্বকো সমালোচনা কৰি হিমন্তই নাচিলেও কামত নাহিব বুলি কয় প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে । এই নিৰ্বাচনী সভাত অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সাধাৰণ সম্পাদক প্ৰদ্যুৎ ভূঞা, জিলা সভাপতি দিগন্ত বৰ্মন, প্ৰাক্তন মুখ্যমন্ত্ৰী তথা জ্যেষ্ঠ কংগ্ৰেছ নেতা ভূমিধৰ বৰ্মন উপস্থিত থাকে ।

ABOUT THE AUTHOR

...view details