18 এপ্ৰিল, কামৰূপঃ ২৩ এপ্ৰিলত অনুষ্ঠিত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবে অব্যাহত আছে নিৰ্বাচনী প্ৰচাৰ । বৃহস্পতিবাৰে পলাশবাৰী বিধানসভা সমষ্টিতহিমন্ত বিশ্ব শৰ্মাই পদযাত্ৰা কৰি নিৰ্বাচনী প্ৰচাৰ চলায় ৷ অসম চৰকাৰৰ বিত্তমন্ত্ৰী তথা নেডাৰ আহ্বায়কগৰাকীয়ে ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ হৈ এইদৰে পদযাত্ৰাকৰি নিৰ্বাচনী প্ৰচাৰ চলায় ৷
আঙুৰলতাৰ সৈতে পলাশবাৰীত হিমন্ত বিশ্বৰ পদযাত্ৰা - election cmapaining
প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ১০ আসনৰ আটাইকেইখন আসনেই পাব বুলি মন্তব্য হিমন্ত বিশ্ব শৰ্মাৰ ৷ ভোটদানৰ বাবে প্ৰতিযোগিতা হ'ব লাগে বুলিও ক'লে মন্ত্ৰীগৰাকীয়ে ৷
মিৰ্জাৰ RB স্কুল খেলপথাৰৰ পৰা গুৱাহাটী-গোৱালপাৰা সংযোগী ১৭ ৰাষ্ট্ৰীয় ঘাইপথৰে বাটৰহাটলৈ প্ৰায় ৫-৬ কিমি পদযাত্ৰা কৰে । এই পদযাত্ৰাত হিমন্ত বিশ্ব শৰ্মাকসংগ দিয়ে বটদ্ৰৱা সমষ্টি বিধায়িকা আঙুৰলতা ডেকা, ঢেকীয়াজুলি সমষ্টিৰ বিধায়ক অশোক সিংহাল, পলাশবাৰী সমষ্টিৰ বিধায়ক প্ৰণৱ কলিতাৰ লগতে বিজেপিৰ নেতৃবৰ্গ আৰু তিনি শতাধিক বিজেপি কৰ্মীয়ে ।
পদযাত্ৰাৰ শেষত মন্ত্ৰী হিমন্ত বিশ্বই এইবাৰ পলাশবাৰী সমষ্টিৰ ১০০ শতাংশ লোককে ভোটদান কৰিবলৈ অনুৰোধ জনোৱাৰ লগতে ৭ নং গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী কুইন ওজাক বৃহৎ ভোটৰ ব্যৱধানত জয়ী কৰাবলৈ আহ্বান জনায় । আনহাতে, ইতিমধ্যে হৈ যোৱা প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ১০ আসনৰ আটাইকেইখন আসনেই পাব বুলি মন্তব্য কৰে হিমন্ত বিশ্ব শৰ্মাই ৷ লগতে তেওঁ কয় যে, ভাৰতত অভিলেখ সংখ্যক ভোটেৰে অসমত বিজেপি বিজয়ী হ'ব অৰু কেন্দ্ৰত আকৌ এবাৰ মোডী চৰকাৰ অধিষ্ঠিত হ'ব ৷