অসম

assam

By

Published : Apr 22, 2019, 1:27 PM IST

ETV Bharat / elections

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু ৩১নং চিদলী বিধানসভা সমষ্টি

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু ৩১নং চিদলী বিধানসভা সমষ্টি

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু ৩১ নং চিদলী বিধানসভা সমষ্টি

চিদলী, 22 এপ্ৰিলঃ মঙলবাৰে তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷ সোমবাৰে এইদৰেই ব্যস্ত হৈ পৰিছে চিৰাং জিলাৰ ৩১নং চিদলী বিধানসভা সমষ্টিৰ নিৰ্বাচন বিভাগ। সমষ্টিটোৰ ২০৬৪০৪ জন মুঠ ভোটাৰৰ ১০২৮৩৫ পুৰুষ ভোটাৰ, আৰু ১০৩৫৬৯ মহিলা ভোটাৰ, ৬৪০ জন ছাৰ্ভিচ ভোটাৰ,৫ জন তৃতীয় লিংগ আৰু ১৭০ গৰাকী বিশেষভাবে সক্ষম লোক, ১৪১ জন "ডি" ভোটাৰ আছে । ২৬৯ টা ভোটগ্ৰহণ কেন্দ্ৰৰ ভিতৰত ৭৪ টা কেন্দ্ৰ স্পৰ্শকাতৰ,৭০ টা কেন্দ্ৰ অতি স্পৰ্শকাতৰ,১২৫ টা কেন্দ্ৰ তুলনামূলক ভাৱে সুৰক্ষিত,২৪ টা কেন্দ্ৰ সম্ভাৱ্য স্পৰ্শকাতৰ, ২টা অধিক স্পৰ্শকাতৰ বুলি চিনাক্ত কৰিছে ।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু ৩১ নং চিদলী বিধানসভা সমষ্টি
জিলাখনত এটা মহিলা ভোটগ্ৰহণ কেন্দ্ৰ পোনপ্ৰথমবাৰৰ বাবে ব্যৱস্থা কৰিছে চিদলী-কাশিকত্ৰা ভোটকেন্দ্ৰ যত সকলো বিষয়া কৰ্মচাৰী মহিলা নিয়োজিত কৰা হৈছে ৷ জিলা আৰক্ষী অধীক্ষক সুধাকৰ সিঙে জনায় যে জিলাখনত যাৱতীয় নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰি তুলা হৈছে যাতে কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনা সংঘটিত হ'ব নোৱাৰে ।

ABOUT THE AUTHOR

...view details