অসম

assam

ETV Bharat / elections

গীত গাই ভোট দিলে প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে

হাইলাকান্দিৰ গ্ৰেহাম মধ্যবংগ বিদ্যালয়ৰ ভোটকেন্দ্ৰত প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে ভোটদান সাব্যস্ত কৰিবলৈ আহি গুণগুণালে গীতৰ কলি ৷ সাধাৰণতে প্ৰতিটো নিৰ্বাচনত প্ৰাক্তন মন্ত্ৰীগৰাকীক পুৱাই ভোট দিবলৈ অহা দেখা যায় । কিন্তু এই বৰ্ষৰ নিৰ্বাচনত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে আবেলি ৪ বজাত ভোট দিবলৈ অহাত সাংবাদিকে ভোট দিবলৈ উৎসাহ কমি গৈছে নেকি সোধা প্ৰশ্নৰ উত্তৰত কয়-"উৎসাহ আছে বাবেই ভোট দিবলৈ আহিছো "।

ভোটদান সাব্যস্ত প্ৰাক্তন গৌতম ৰয়ৰ

By

Published : Apr 18, 2019, 6:41 PM IST

হাইলাকান্দি, ১৮ এপ্ৰিল : " দিল সচ্চা ঔৰ চেহৰা ঝুঠা " প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে হাইলাকান্দিৰ গ্ৰেহাম মধ্যবংগ বিদ্যালয়ৰ ভোটকেন্দ্ৰত পত্নীৰ লগত ভোট দিবলৈ আহি এনেদৰে গুণগুণালে গীতৰ কলি । বৃহস্পতিবাৰে ৰাজ্যৰ পাঁচটা সমষ্টিত অনুষ্ঠিত হয় দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন । এই দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে পত্নীক লগত লৈ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহে ।

ভোটদান সাব্যস্ত প্ৰাক্তন গৌতম ৰয়ৰ

সাধাৰণতে প্ৰতিটো নিৰ্বাচনত প্ৰাক্তন মন্ত্ৰীগৰাকীক পুৱাই ভোট দিবলৈ অহা দেখা যায় । কিন্তু এই বৰ্ষৰ নিৰ্বাচনত প্ৰাক্তন মন্ত্ৰীগৰাকীয়ে আবেলি ৪ বজাত ভোট দিবলৈ অহাত সাংবাদিকে ভোট দিবলৈ উৎসাহ কমি গৈছে নেকি সোধা প্ৰশ্নৰ উত্তৰত কয়-"উৎসাহ আছে বাবেই ভোট দিবলৈ আহিছো "।আনহাতে কোন দলে শাসনভাৰৰ দায়িত্ব ল'ব সেই প্ৰশ্নৰ উত্তৰতো প্ৰাক্তন মন্ত্ৰী গৌতম ৰয়ে কয় যে মই জ্যোতিষী নহয় ।

ABOUT THE AUTHOR

...view details