অসম

assam

ETV Bharat / elections

তুংগত হৈ উঠিছে শব্দ ৰাভাৰ নিৰ্বাচনী প্ৰচাৰ - শব্দ ৰাম ৰাভা

বৰমাৰ ৰাজীৱ ভৱনৰ পৰা তামুলপুৰলৈ বিশাল ৰেলীত অংশগ্ৰহণ কৰে শব্দ ৰাভাই ।

তুংগত হৈ উঠিছে শব্দ ৰাভাৰ নিৰ্বাচনী প্ৰচাৰ

By

Published : Apr 16, 2019, 9:53 PM IST

তামুলপুৰ, ১৬ এপ্ৰিলঃ সপ্তদশ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন শেষ হোৱাৰ লগে লগে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী সকলৰ প্ৰচাৰ অভিযান তীব্ৰতৰ হৈ পৰিছে । ৫ নং কোকৰাঝাৰ লোক সমষ্টিত কংগ্ৰেছ দলৰ প্ৰাৰ্থী শব্দ ৰাম ৰাভাৰ প্ৰচাৰ অভিযান অব্যাহত আছে । মঙলবাৰে দিনত বৰমাস্থিত ৰাজীৱ ভৱনৰ পৰা লগত বহুসংখ্যক সমৰ্থকক লৈ বিভিন্ন ঠাইত নিৰ্বাচনী প্ৰচাৰ চলাই শব্দ ৰাম ৰাভাই ।

তুংগত হৈ উঠিছে শব্দ ৰাভাৰ নিৰ্বাচনী প্ৰচাৰ

নিৰ্বাচনী প্ৰচাৰৰ মাজতে সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত ৰাভাই কয় যে, "কংগ্ৰেছ দলে চৰকাৰ গঠন কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰিব আৰু বিটিচি চুক্তিখন পুণৰীক্ষণ কৰিব । যি সকলে মোক চিজন ফ্লাৱাৰ বুলি কয় তেওঁলোকে মোৰ সংগ্ৰামী ইতিহাস নাজানে । প্ৰথমে ময়ে বিটিচি চুক্তিৰ ফলত হ'ব পৰা সংঘাতৰ কথা উত্থাপন কৰিছিলো ।"

আনহাতে শব্দ ৰাভাৰ নিৰ্বাচনী প্ৰচাৰত সংগ দিয়ে অবড়ো সুৰক্ষা সংগ্ৰাম সমিতিৰ সভাপতি যোগেশ্বৰ কলিতাই । এইবাৰ ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী শব্দৰাম ৰাভাক সমৰ্থন কৰিছে অবড়ো সুৰক্ষা সংগ্ৰাম সমিতিয়ে । সাংবাদিকৰে সৈতে হোৱা বাৰ্তালাপত যোগেশ্বৰ কলিতাই কয়, "অবড়ো সুৰক্ষা সমিতিৰ আন্দোলন কোনো বড়োৰ বিৰুদ্ধে নহয় । ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সম-মৰ্য্যদাৰ লগতে বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীৰ বিৰুদ্ধে ।"

ABOUT THE AUTHOR

...view details