অসম

assam

ETV Bharat / elections

মোডী ভীতিগ্ৰস্থ হৈ পৰিছে, তেওঁৰ কথাত কোনো নতুনত্ব নাইঃ ৰিপুন বৰা - নৰেন্দ্ৰ মোডী

প্ৰধানমন্ত্ৰী মোডীৰ অসম ভ্ৰমণৰ পিচতেই সংবাদমেলৰ আয়োজন কৰি মোডীক তীব্ৰ বাক্য বাণেৰে আক্ৰমণ কৰিলে ৰিপুন বৰাই

ৰিপুন বৰাৰ সংবাদমেল

By

Published : Apr 11, 2019, 7:17 PM IST

গুৱাহাটী, 11 এপ্ৰিলঃ প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হৈ থকাৰ সময়তে বৃহস্পতিবাৰে অসমৰ শিলচৰ আৰু মংগলদৈত বিশাল জনসভা সম্বোধন কৰে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে ৷ মোডীৰ সভাৰ পৰৱৰ্তী সময়তে গুৱাহাটীত সংবাদমেল আয়োজন কৰি মোডীক সমালোচনা কৰে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই ৷

ৰিপুন বৰাৰ সংবাদমেল

প্ৰথম পৰ্যায়ত ভোটদান কৰা ভোটাৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰি সংবাদ মেল সম্বোধন কৰে ৰিপুন বৰাই ৷ ৰাইজে বিজেপিক শাসনৰ গাদীৰ পৰা আতৰাবলৈ ওলাই আহিছে। ৰাজীৱ ভৱনত অনুষ্ঠিত সংবাদমেলত ৰিপুন বৰাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক আক্ৰমণ কৰি কয় যে মোদীৰ ভাষণত নতুনত্ব নাই। মোদীয়ে অকল ৰাহুল গান্ধী আৰু কংগ্রেছক আক্ৰমণ কৰি ৰাইজক আবেগিক কৰি ভোট লাভৰ চেষ্টা কৰিছে। মোদীয়ে সন্ত্ৰাসবাদীৰ আক্ৰমণত নিহত হোৱা দেশৰ শ্বহীদ সকলকলৈও ৰাজনীতি কৰি ভোট লাভৰ চেষ্টা চলাইছে বুলি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক তীব্ৰ আক্ৰমণ কৰে ৰিপুন বৰাই ।

অসমৰ কলিয়াবৰ, তেজপুৰ, ডিব্ৰুগড়, যোৰহাট আৰু লখিমপুৰত অনুষ্ঠিত হোৱা ভোটদান প্ৰক্ৰিয়াত পুৱাৰে পৰা ব্যাপক হাৰত ৰাইজৰ অংশগ্ৰহণ দেখিবলৈ পোৱা যায় । এই পাঁচটা সমষ্টিত বৃহৎ সংখ্যাক ৰাইজ ওলাই আহি ভোটদান কৰাৰ বাবে অসম প্ৰদেশ কংগ্ৰেছ কমিটিৰ সভাপতি ৰিপুন বৰাই ৰাইজক ধন্যবাদ জ্ঞাপন কৰি কয় যে ৰাইজে পৰিৱৰ্তন বিচাৰি এইদৰে ভোটদানৰ বাবে ওলাই আহিছে । উল্লেখ্য যে, আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমত অনুষ্ঠিত হ'বলগা দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে মঙলদৈ সমষ্টিৰ কমলপুৰ আৰু শিলচৰত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে ।

ABOUT THE AUTHOR

...view details