কৰিমগঞ্জ, 24 এপ্ৰিলঃদ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সময়তে কৰিমগঞ্জৰ চাৰিটাকৈ ভোটকেন্দ্ৰত ধৰা পৰিছিল ব্যাপক বিসংগতি ৷ পৰৱৰ্তী সময়ত নিৰ্বাচন আয়োগে কেন্দ্ৰ চাৰিটাৰ ভোটদান প্ৰক্ৰিয়া সাময়িকভাৱে বন্ধ কৰি ৰাখিছিল ৷ নিৰ্বাচন আয়োগে পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ নিৰ্দেশনা প্ৰদান কৰা কেন্দ্ৰ চাৰিটা হৈছে ক্ৰমে, 105নং বাটইয়া, 134 নং গন্দৰ্ভখানি, 152নং আৰু 153নং আতানগৰ কেন্দ্ৰ ৷
আজি কৰিমগঞ্জত পুনৰ ভোটগ্ৰহণ - নিৰ্বাচনী আয়োগ
জিলাখনৰ চাৰিটাকৈ কেন্দ্ৰত বিগত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ সময়ত দেখা দিছিল ব্যাপক বিসংগতি ৷ বিংসগতিপূৰ্ণ নিৰ্বাচনৰ বাবেই কেন্দ্ৰসমূহত পুনৰ নিৰ্বাচন অনুষ্ঠিত কৰাৰ নিৰ্দেশ প্ৰদান কৰিছিল নিৰ্বাচন আয়োগে
কৰিমগঞ্জত পুনৰাই অনুষ্ঠিত ভোটগ্ৰহণ
তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অন্ত পৰাৰ লগে লগে নিৰ্বাচনী আয়োগে কেন্দ্ৰ চাৰিটাত পুনৰ ভোটগ্ৰহণৰ নিৰ্দেশনা প্ৰদান কৰিছিল ৷ নিৰ্বাচনী আয়োগৰ নিৰ্দেশনা অনুসৰি, বুধবাৰে ৰাতিপুৱাৰে পৰা কেন্দ্ৰ চাৰিটাত ভোটগ্ৰহণ প্ৰক্ৰিয়া পুনৰ আৰম্ভ হৈছে ৷ কটকটীয়া নিৰাপত্তা বেষ্টনীৰ মাজেৰে এক শান্তিপূৰ্ণ পৰিৱেশত কেন্দ্ৰকেইটাত ভোটগ্ৰহণ অনুষ্ঠিত হৈছে ৷