ৰাম মাধৱৰ সংবাদমেল সম্বোধন - ভাৰতীয় জনতা পাৰ্টী
ৰাম মাধৱে সংবাদমেল সম্বোধন কৰি মোডী চৰকাৰৰ নেতৃত্বত পুনৰ এন.ডি.এ. চৰকাৰ কেন্দ্ৰত গঠন হ'ব বুলি উল্লেখ কৰে
![ৰাম মাধৱৰ সংবাদমেল সম্বোধন](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3052029-thumbnail-3x2-pressjpg.jpg)
গুৱাহাটী,19 এপ্ৰিলঃ শুকুৰবাৰে ভাৰতীয় জনতা পাৰ্টীৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক ৰাম মাধৱে সম্বোধন কৰে এখন সংবাদমেল । ভাৰতীয় জনতা পাৰ্টি অসম প্ৰদেশৰ হেঙাবাৰীস্থিত কাৰ্যালয়ত ৰাম মাধৱে সংবাদমেলখন সম্বোধন কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত পুনৰ এন.ডি.এ(NDA) ৰ চৰকাৰ কেন্দ্ৰত গঠন হ’ব বুলি মন্তব্য কৰে । লগতে নিজ-নিজ ঠাইত মুখ ঠেকেচা খোৱা কংগ্ৰেছ নেতাসকল অসমত আহি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে বৰ-বৰ কথা কৈ আছে বুলিও উল্লেখ কৰে সংবাদমেলত । আনহাতে, তৰুণ গগৈৰ শাসন কালতে অসমত অবৈধ নাগৰিকে বাংলাদেশৰ পৰা অসমলৈ আহিছিল বুলি সংবাদমেলত মত পোষণ কৰাৰ লগতে তৰুণ গগৈ শাসন কালত অসমত আটাইতকৈ বেছি দুৰ্নীতি হৈছে বুলি মন্তব্য কৰে ।