বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসৰ সংবাদমেল - সম্বোধন
বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সংবাদমেল সম্বোধন কৰি দাঙি ধৰিলে উন্নয়নৰ প্ৰতিচ্ছবি ৷ নাগৰিকত্ব সংশোধনী বিধেয়কখন সলনি কৰি পুনৰ বাৰ সংশোধন কৰা হ'ব সংবিধান

গুৱাহাটী, 9 এপ্ৰিলঃ মঙলবাৰে গুৱাহাটীস্থিত বিজেপিৰ মূখ্য কাৰ্যালয়ত বিজেপিৰ ৰাজ্যিক সভাপতি ৰঞ্জিত দাসে সম্বোধন কৰে এখন সংবাদমেল ৷ সংবাদমেলত জনসাধাৰণক দিয়া সুবিধাসমূহৰ কথা উল্লেখ কৰে সভাপতিগৰাকীয়ে ৷ সংবাদমেলত সভাপতিগৰাকীয়ে নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ আবেগিক ভাবে সংগঠনে ৰাইজৰ মাজত বিভ্ৰান্তিৰ সৃষ্টি কৰিছে বুলি উল্লেখ কৰি জনসাধাৰণৰ লগত আলোচনা কৰি পূৰ্বৰ বিধেয়কখন সলনি কৰি পুনৰবাৰ নাগৰিকত্ব সংবিধানখন সংশোধন কৰা হ'ব বুলি মন্তব্য কৰে ৷ লগতে জলবিদ্যুৎ প্ৰকল্পই সকলোকে সুবিধাহে কৰিব বুলি উল্লেখ কৰি সন্ত্ৰাসবাদৰ প্ৰতি শূণ্য সহনশীলতাৰ বাবেই বি.টি.এ.ডি.ত ধনদাবীৰ লগতে হত্যা-হিংসা কমা বুলি মত প্ৰকাশ কৰে সংবাদমেলত ৷