অসম

assam

ETV Bharat / elections

এম্বুলেঞ্চ ৰখাই হিমন্তৰ নিৰ্বাচনী প্ৰচাৰ

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বিজেপি প্ৰাৰ্থী  কুইন ওজাৰ হৈ ভৰলুমুখ ষ্টেটবেঙ্ক হৈ মাছখোৱা, ওদালবাক্ৰা সকলো সামৰি হিমন্তৰ নিৰ্বাচনী ৰেলী ৷

By

Published : Apr 21, 2019, 2:01 AM IST

গুৱাহাটী,21 এপ্ৰিলঃ বিজেপিৰ নিৰ্বাচনী প্ৰচাৰৰ নৱৰত্ন তথা অসমৰ ষ্টাৰ কেম্পেইনাৰ মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ শুক্ৰবাৰে গুৱাহাটীত বিশাল নিৰ্বাচনী ৰেলী ৷ মহানগৰীৰ সোনাৰাম খেল পথাৰত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এই বিশাল ৰেলীত প্ৰায় ২ হাজাৰতকৈ অধিক বিজেপি কৰ্মীয়ে অংশগ্ৰহণ কৰে ৷ সোণাৰাম হাইস্কুল খেলপথাৰৰ পৰা ওদালবাক্ৰা জনজাতি যুৱকৃষ্টি পৰিষদৰ খেলপথাৰলৈকে এই সমদল অনুষ্ঠিত হয। ভৰলুমুখৰ ষ্টেটবেঙ্ক হৈ মাছখোৱা হৈ যোৱা এই ৰেলীত ঠায়ে ঠায়ে মন্ত্ৰী হিমন্তক বিভিন্ন জনে সম্বৰ্ধনাও জনাই । তৃতীয় পৰ্যায়ৰ ভোটগ্পহণৰ পূৰ্বে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী কুইন ওজাৰ হৈ চলোৱা এই প্ৰচাৰ অভিযানত মন্ত্ৰী হিমন্তক সংগ দিয়ে বিজেপিৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰভাৰী মহেন্দ্ৰ সিং আৰু বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই ।

আনহাতে এই ৰেলীৰ মাজতে একাংশ বিজেপিৰ কৰ্মীৰ অশৃংখলতাৰ বাবে ৰাজপথত সৃষ্টি হয় তীব্ৰ যান-জঁট । যান-জঁটৰ ফলত প্ৰায় আধাঘণ্টা ধৰি ৰাজপথত এম্বুলেঞ্চকে ধৰি অসংখ্য যানবাহন বন্দী হৈ থাকে ৷

ABOUT THE AUTHOR

...view details