অসম

assam

ETV Bharat / elections

ভোটকেন্দ্ৰৰ ইভিএম ৰ কাষতেই খাদ্য প্ৰস্তুত বিজেপি কৰ্মীৰ - Guwahati

জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত পাণ্ডুৰ ১৬৪ নং ৰেলৱে ৰিক্ৰিয়েচন ক্লাৱৰ মধ্য শাখাভোট কেন্দ্ৰত এই ঘটনা ৷ ভোটকেন্দ্ৰটোত নিৰ্বাচনী বিষয়া উপস্থিত হৈ খাদ্য সামগ্ৰীসমূহ আঁতৰাই দিয়ে ।

ভোটকেন্দ্ৰৰ ইভিএম ৰ কাষতেই খাদ্য প্ৰস্তুত বিজেপি কৰ্মীৰ

By

Published : Apr 23, 2019, 5:17 PM IST

গুৱাহাটী, 23 এপ্ৰিলঃ জালুকবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত পাণ্ডুৰ ১৬৪ নং ৰেলৱে ৰিক্ৰিয়েচন ক্লাৱৰ মধ্য শাখা ভোট কেন্দ্ৰত উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি হয় । ভোট কেন্দ্ৰটোৰ ভিতৰত বিজেপি কৰ্মীয়ে খাদ্য প্ৰস্তুতকৰণ আৰু বিতৰণক লৈ সৃষ্টি হয় এই উত্তেজনাৰ । খাদ্যবিতৰণত একাংশ প'লিং বিষয়া জড়িত থকাৰ অভিযোগ একাংশ ভোটাৰৰ । ইভিএম মেচিনৰ কাষতেই খাদ্য প্ৰস্তুতৰ লগতে খাদ্য বিতৰণ কৰি আহিছিল বিজেপি কৰ্মীসকলে । পিছত নিৰ্বাচনী বিষয়াক খবৰ দিয়াত ভোটকেন্দ্ৰটোত নিৰ্বাচনী বিষয়া উপস্থিত হৈ খাদ্য সামগ্ৰীসমূহ আঁতৰাই দিয়ে ।

ভোটকেন্দ্ৰৰ ইভিএম ৰ কাষতেই খাদ্য প্ৰস্তুত বিজেপি কৰ্মীৰ

ইফালে ভোটকেন্দ্ৰটো পৰিদৰ্শন কৰি বিজেপিৰ এই কাৰ্যত ক্ষোভ ব্যক্ত কৰে গুৱাহাটী সমষ্টিৰ নিৰ্দলীয় প্ৰাৰ্থী জোনমণি দেৱী খাউণ্ডে। এই কাৰ্য গণতন্ত্ৰৰ বাবে অশুভ বুলি কয় নিৰ্দলীয় প্ৰাৰ্থীগৰাকীয়ে। তাৰোপৰি ভোটাৰসকলক এনে প্ৰলোভনত ভোল নাজাবলৈ আহ্বান জনাই খাউণ্ডে ৷

ABOUT THE AUTHOR

...view details