অসম

assam

ETV Bharat / elections

পুৱাৰভাগতে ৰাজ্যখনৰ কেইবাটাও ভোটকেন্দ্ৰত বিকল হয় ই ভি এম মেচিন

গুৱাহাটী,বৰপেটা,কামৰূপ,গোৱালপাৰা ,নলবাৰীৰ কেইবাটাও স্থানত ই ভি এম বিকল হোৱাৰ বাবে স্থগিত ৰখা হয় ভোটদান প্ৰক্ৰিয়া

By

Published : Apr 23, 2019, 11:42 AM IST

কেইবাটাও ভোটকেন্দ্ৰত বিকল হয় ই ভি এম মেচিন

গুৱাহাটী,২৩ এপ্ৰিলঃ মঙলবাৰে ৰাজ্যখনৰ চাৰিটা লোকসভা সমষ্টিত অনুষ্ঠিত হয় তৃতীয় পৰ্যায়ৰ নিৰ্বাচন ।পুৱাৰে পৰা ভোট প্ৰদানৰ বাবে ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ভোটাৰৰ শাৰী শাৰী ভিৰ । ইয়াৰ মাজতেই ৰাজ্যখনৰ বহুকেইটা স্থানত বিকল হৈ ৰৈছে ই ভি এম মেচিন । ফলত বহুকেইটা কেন্দ্ৰত স্থগিত হৈ আছে ভোটদান প্ৰক্ৰিয়া ।

  • গুৱাহাটীৰ মালয়বাৰীৰ জনতা আদৰ্শ বিদ্যালয়ৰ ৩৬৭ নং কেন্দ্ৰত ই ভি এম বিকল হোৱাৰ ফলত পলমকৈ অনুষ্ঠিত হয় ভোটদান প্ৰক্ৰিয়া ।
  • বৰপেটাৰ পূব দেউলদি এল.পি.স্কুলত বিকল ই ভি এম মেচিন ।
  • গোৱালপাৰাৰ ২৩৭নং বাকাইটাৰী হাইস্কুল ভোট কেন্দ্ৰৰ ইভিএম বিকল। এই মূহুৰ্তলৈ আৰম্ভ হোৱা নাই ভোট গ্ৰহণ ।
  • পাণ্ডুৰ ১৩৫নং ৰবীন্দ্ৰ বিদ্যাপীঠ মধ্য ইংৰাজী বিদ্যালয় আৰু ১৫৬নং ড্ৰিমলেণ্ডস্কুলৰ ইভিএম বিকল । বৰ্তমানলৈকে ভোটগ্ৰহণ আৰম্ভ হোৱা নাই কেন্দ্ৰদুটাত ।
  • গোসাইগাঁৱৰ শ্ৰীৰামপুৰত ভোট কেন্দ্ৰত দুটা ইভিএম মেচিন বিকল ।ফলত শাৰী পাতি থকা ভোটাৰ ৰাইজৰ হাৰাশাস্তি ।
  • বৰতলাস্থিত আদৰ্শ ভোটকেন্দ্ৰত অচল ই ভি এম । ফলত পলমকৈ অনুষ্ঠিত হয় ভোটদান প্ৰক্ৰিয়া ।
    কেইবাটাও ভোটকেন্দ্ৰত বিকল হয় ই ভি এম মেচিন

ABOUT THE AUTHOR

...view details