বঢ়মপুৰ, 18 এপ্ৰিলঃ ১০ নং নগাঁও সংসদীয় সমষ্টিৰ অন্তৰ্গত ৮৭ নং বঢ়মপুৰ সমষ্টিৰ ৯৩ নং কচুবস্তি ভোটকেন্দ্ৰত উত্তেজনা । কেন্দ্ৰটোৰ মুঠ ১৫৭ গৰাকী ভোটাৰৰ নাম ভোটাৰ তালিকাত নথকাক লৈ সৃষ্টি হয় এই উত্তেজনাৰ । পূৰ্বৰ নিৰ্বাচনত এই কেন্দ্ৰৰ পৰাই লোক সকলে ভোটদান কৰি আহিছিল যদিও পুৱা ভোট দিবলৈ আহি তালিকাত নাম নথকাত হতভম্ব হৈ পৰে ভোটাৰ ৰাইজ ৷ ভোট দানৰ পৰা বঞ্চিত হৈ নিৰ্বাচন আয়োগৰ বিৰুদ্ধে ক্ষোভ উজাৰে ভোটাৰ ৰাইজে ৷ ভোট দিবলৈ নাপালে কেন্দ্ৰটোত গ্ৰহণ কৰা ই ভি এম লৈ যোৱাত বাধা দিয়াৰো ভাবুকি দিয়ে বঞ্চিত ভোটাৰসকলে ৷
বঢ়মপুৰত ভোটদানৰ পৰা বঞ্চিত ১৫৭ গৰাকী ভোটাৰ - বঢ়মপুৰ
নগাঁও জিলাৰ ৮৭ নং বঢ়মপুৰ বিধানসভা সমষ্টিৰ ৯৩নং ভোট কেন্দ্ৰত অনিয়ম । ভোটদানৰ পৰা বঞ্চিত ১৫৭ গৰাকী ভোটাৰ । নিৰ্বাচনী বিষয়াৰ সন্মুখতে হতাহতি লাগে কেন্দ্ৰত উপস্থিত দুইপক্ষৰ মাজত ৷
বঢ়মপুৰত ভোটদানৰ পৰা বঞ্চিত ১৫৭ গৰাকী ভোটাৰ
উল্লেখ্য যে, স্থানীয় গাঁওবুঢ়া গৰাকীয়ে ভোটাৰ আই ডি প্ৰদান কৰাৰ নামতো ধন সংগ্ৰহৰ অভিযোগ তুলিছে বঞ্চিত ভোটাৰে ৷ ইফালে নিৰ্বাচনী বিষয়াৰ সন্মুখতে কেন্দ্ৰটোত উপস্থিত ৰাইজৰ মাজত বাকবিতণ্ডাৰ লগতে হতাহতিৰ সৃষ্টি হয়৷ ইতিমধ্যে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হয় |