অসম

assam

By

Published : Apr 18, 2019, 2:25 PM IST

ETV Bharat / elections

ইভিএম বিকল, মায়ঙত বহু সময়ৰ বাবে স্থগিত ভোটগ্ৰহণ

মৰিগাঁও জিলাৰ মায়ঙৰ ৯ নং লোনমাটি প্ৰাথমিক বিদ্যালয়ৰ ভোটকেন্দ্ৰত ইভিএম বিকল হৈ পৰে ৷ ইভিএম বিকল হোৱা বাবেই ব্যাহত হৈ পৰে ভোটকেন্দ্ৰটোত ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

ইভিএম বিকল, মায়ঙত বহু সময় স্থগিত ভোটগ্ৰহণ পক্ৰিয়া

মায়ং, 18 এপ্ৰিলঃ নগাঁও লোকসভা সমষ্টিৰ মায়ঙৰ ৯ নং লোনমাটি প্ৰাথমিক বিদ্যালয়ৰ ইভিএম বিকল ৷ তিনিবাৰকৈ বিকল হয় ভোটকেন্দ্ৰটোৰ ইভিএম ৷ ইভিএম বিকল হোৱা বাবেই ব্যাহত হৈ পৰে ভোটকেন্দ্ৰটোত ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷

মায়ঙত ইভিএম বিকল

কেন্দ্ৰটোত পুৱাৰ ভাগত ইভিএম বিকল হৈ থকা বাবেই ভোটগ্ৰহণ প্ৰক্ৰিয়া 7 বজাৰ পৰিবৰ্তে 7.30 বজাতহে আৰম্ভ হয় বুলি জনায় ভোটদান কৰিবলৈ অহা ভোটাৰে ৷ আনহাতে 144 জন ভোটাৰে ভোটদান কৰাৰ পাচত পুনৰ বিকল হৈ পৰে ইভিএম ৷ তাৰ পাচত ততাতৈয়াকৈ ইভিএম ঠিক কৰি আৰম্ভ কৰা হয় ভোটগ্ৰহণ ৷ কিন্তু 300 মান ভোটাৰে ভোটদান কৰাৰ পাছতেই আকৌ এবাৰ বিকল হৈ পৰে ইভিএম ৷ ফলত বহু সময়লৈ বন্ধ হৈ থাকে ভোটগ্ৰহণ পক্ৰিয়া ৷ একাংশ লোকে ভোট দিবলৈ অপেক্ষা কৰে যদিও আন একাংশ লোক উভতি যায় ৷

ABOUT THE AUTHOR

...view details