সুৰামত্ত অৱস্থাত মাৰ্ঘেৰিটাৰ এজন প'লিং বিষয়া - প'লিং বিষয়া
সুৰামত্ত প'লিং বিষয়াক লৈ মাৰ্ঘেৰিটাত তীব্ৰ প্ৰতিক্ৰিয়া
তিনিচুকীয়া, ১১ এপ্ৰিলঃ ৰাজ্যৰ ৫টা সমষ্টিত চলি আছে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া। অন্য প্ৰান্তৰ সমান্তৰালকৈ মাৰ্ঘেৰিটা বিধানসভা সমষ্টিৰ অন্তৰ্গত লামা গাঁও প্ৰাথমিক বিদ্যালয়ৰ ১৭২নং ভোটগ্ৰহণ কেন্দ্ৰত চলি আছিল প্ৰথম পৰ্যায়ৰ নিৰ্বাচন। এই নিৰ্বাচন প্ৰক্ৰিয়াৰ প'লিং অফিচাৰৰ দায়িত্বত থকা সাৰাধন দাস নামৰ এজন লোকে ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰাক লৈ সৃষ্টি হয় তীব্ৰ প্ৰতিক্ৰিয়াৰ । উত্তৰ পূব কয়লা ক্ষেত্ৰৰ কৰ্মচাৰী সাৰাধন দাসে সুৰা সেৱন কৰি নিজ ইচ্ছামতে ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা ভোটদান চলি থকাৰ সময়তে বাহিৰলৈ ওলাই আহে ৷ ঘটনা সন্দৰ্ভত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত নিজ মুখে স্বীকাৰ কৰে সুৰা সেৱনৰ কথা । ইয়াৰ পিচতে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হয় কেন্দ্ৰটোত ৷