কোকৰাঝাৰ, 23 এপ্ৰিলঃ কোকৰাঝাৰত শান্তিপূৰ্ণভাৱে অনুষ্ঠিত হৈ যায় ২০১৯ৰ তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচন ৷ মঙলবাৰে কোকৰাঝাৰৰ খুক্সী, বলদিয়াবাথান, বাতাবাৰী, ম’লানডুবী, শক্তিআশ্ৰম, কাশিবাৰী আদি অঞ্চলৰ ভোটকেন্দ্ৰসমূহত দেখিবলৈ পোৱা গ'ল ভোটাৰৰ ভিৰ ৷
গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ কোকৰাঝাৰৰ ভোটকেন্দ্ৰসমূহত ৰাইজৰ দীঘলীয়া শাৰী - লোকসভা নিৰ্বাচন
নিজ গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ মঙলবাৰে পুৱাৰে পৰা ভিৰ হৈ পৰিল কোকৰাঝাৰৰ ভোটকেন্দ্ৰসমূহত ৷ ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিত মুঠ ৯ জনকৈ প্ৰাৰ্থীয়ে আগবঢ়াইছে প্ৰতিদ্বন্দিতা
![গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ কোকৰাঝাৰৰ ভোটকেন্দ্ৰসমূহত ৰাইজৰ দীঘলীয়া শাৰী](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3084896-thumbnail-3x2-koko.jpg)
ETV BHARAT ASSAM
গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰিবলৈ কোকৰাঝাৰৰ ভোটকেন্দ্ৰসমূহত ৰাইজৰ দীঘলীয়া শাৰী
৫নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত ভোটকেন্দ্ৰসমূহত নিজৰ পচন্দৰ প্ৰাৰ্থীগৰাকীক ভোটদান কৰিবলৈ ওলাই আহিল অজস্ৰ জনতা ৷ এইবাৰ ৫নং কোকৰাঝাৰ লোকসভা সমষ্টিত প্ৰতিদ্বন্দিতা আগবঢ়াইছে মুঠ ৯ গৰাকী প্ৰাৰ্থীয়ে ৷