বৰপেটা, 13 এপ্ৰিলঃ ক্ৰমাৎ আকৰ্ষণীয় হৈ পৰিছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ ৰাজ্যত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পূৰ্ণ হোৱাৰ লগতে অব্যাহত আছে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷
কলগাছিয়াত দীপক দাসৰ হৈ প্ৰচাৰত নামিল কমলা কলিতা
বৰপেটাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰিলে অগপ দলৰ জ্যেষ্ঠ নেতা ডাঃ কমলা কলিতাই ৷
নামনি অসমৰ অন্য়তম লোকসভা সমষ্টি, বৰপেটা লোকসভা সমষ্টিত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷বৰপেটাৰ মিত্ৰ জোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ কলগাছিয়াৰ জনতাত উপস্থিত হয় অসম গণ পৰিষদৰ নেতা কমলা কলিতা । এই সভাত তেওঁ ভাষণ প্ৰসংগত কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলক তীব্ৰ সমালোচনা কৰে ।
অসমৰ প্রাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে অগপক গুপ্ত হত্যাকাৰীৰ দল বুলি কোৱাৰ প্ৰসংগত সাংবাদিকে সোধা এক প্ৰশ্নৰ উত্তৰত কয় যে, তৰুণ গগৈ এজন মিছলীয়া ব্যক্তি আৰু তৰুণ গগৈৰ নিচিনা মিছলীয়া মানুহ ৰাজনীতিৰ ইতিহাসত দেখা । কাৰণ তৰুণ গগৈৰ ১৫ বছৰীয়া শাসন কালত তেওঁ কেবাটাও আয়োগ গঠন কৰিলে আৰু আয়োগে কিয় কাকো দোষী সাব্যস্ত কৰিব নোৱাৰিলে সেই লৈ ওলোটাই প্ৰশ্ন উত্থাপন কৰে অগপৰ জ্য়েষ্ঠ নেতাগৰাকীয়ে । অসম গণ পৰিষদে এন ডি এৰ সৈতে লগ লাগি অধিক উন্নয়ন কৰিব বুলি মন্তব্য কৰি অগপই তিনিটা আসনৰ ২ টা নিশ্চিত ভাবে পাব বুলি দাবী কৰে কমলা কলিতাই ।