ৰঙাপৰাত লানি নিছিঙা সোঁত অজস্ৰ ভোটাদাতাৰ - ই.ভি.এম মেচিন
শোণিতপুৰ ৰঙাপৰাত নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ ভিৰ কৰিছেহি জিলাখনৰ কেন্দ্ৰসমূহত
শোণিতপুৰ, ১১ এপ্ৰিল : ৰাজ্যৰ 5 টাকৈ সমষ্টিত আৰম্ভ হৈছে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন । অন্য প্ৰান্তৰ দৰে শোণিতপুৰৰ ৰঙাপৰা অঞ্চলটো পুৱাৰ পৰা আৰম্ভ হৈছে ভোটগ্ৰহণ প্ৰক্ৰিয়া । পুৱাৰে পৰা এই ৰঙাপৰা অঞ্চলত অনুষ্ঠিত হোৱা ভোটগ্ৰহণ প্ৰক্ৰিয়াত দেখা গৈছে জনসাধৰণৰ লানি নিছিঙা সোঁত । প্ৰচণ্ড ৰ'দকো নেওচি অঞ্চলটোৰ জনসাধৰণ ওলাই আহে নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ । আনহাতে, ৰঙাপৰাৰ কছাৰীগাঁও, নামনিগাঁও, ৰঙাপৰা উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু ২৪ নং প্ৰাথমিক বিদ্যালয়ত ই.ভি.এম মেচিন বিকল হৈ পৰা বাবে পলমকৈ অনুষ্ঠিত হয় ভোটগ্ৰহণ প্ৰক্ৰিয়া ।