অসম

assam

ETV Bharat / elections

ডিব্ৰুগড়ত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

ডিব্ৰুগড়ত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হয় ৯৭৮৩২৬গৰাকী ভোটাৰৰ মাজত

By

Published : Apr 11, 2019, 1:50 PM IST

ডিব্ৰুগড়ত ৯৭৮৩২৬গৰাকীৰে প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ

ডিব্ৰুগড়, ১১ এপ্ৰিল : ৰাজ্যৰ ৫টা সমষ্টিত চলি আছে ভোট গ্ৰহণৰ প্ৰক্ৰিয়া । তেজপুৰ,যোৰহাট,কলিয়াবৰ,লখিমপুৰৰ সমান্তৰালকৈ ডিব্ৰুগড়টো সূচাৰুৰূপে চলি আছে ভোট গ্ৰহণ প্ৰক্ৰিয়া । জিলা খনৰ মুঠ ১২৬৮ টা ভোটগ্ৰহন কেন্দ্ৰলৈ পুৱাৰে পৰা ই.ভি.এম আৰু ভি.ভি.পি.এ.টি মেচিনৰ সহায়ত আৰম্ভ হৈছে এই প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ প্ৰক্ৰিয়া । ডিব্ৰুগড়ত নিৰ্বাচন প্ৰক্ৰিয়া মুক্ত,নিকা আৰু শান্তিপুৰ্ণ ভাবে অনুষ্ঠিত কৰাৰ বাবে নিযুক্ত কৰা হৈছে মুঠ ৫,৯২৪ জন প্ৰিজাইডিং আৰু পোলিং বিষয়া । আনহাতে, ডিব্ৰুগড়ৰ মুঠ ১,২৬৮টা ভোট গ্ৰহণ কেন্দ্ৰৰ ভিতৰত ১৭৭ টা কেন্দ্ৰ স্পৰ্শকাতৰ আৰু ১১টা অতি স্পৰ্শকাতৰ কেন্দ্ৰ ৰূপে চিহ্নিত হৈছে । জিলাখনৰ মুঠ ভোটাৰ সংখ্যা ৯৭,৮,৩২৬গৰাকীৰ ভিতৰত ৪৯,২,২৪০পুৰুষ আৰু ৪৮,৬,০৭৮ মহিলা ভোটাৰ ।

ডিব্ৰুগড়ত প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া

উল্লেখযোগ্য যে, ডিব্ৰুগড় সংসদীয় সমষ্টিটোত চাহ জনগোষ্ঠী ভোটাৰৰ সংখ্যা প্ৰায় ৩লাখ ৫০ হাজাৰ হোৱাৰ বিপৰীতে অসমীয়া ভোটাৰৰ সংখ্যা ৬ লাখৰো অধিক। তাৰোপৰি হিন্দীভাষী ভোটাৰৰ সংখ্যা ১লাখ ২৬ হাজাৰ হোৱাৰ বিপৰীতে বেংগলী ভোটাৰৰ সংখ্যা প্ৰায় ১লাখ ২০ হাজাৰ ।

ABOUT THE AUTHOR

...view details