অসম

assam

ETV Bharat / elections

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনকলৈ সাজু মাৰ্ঘেৰিটা - প্ৰিজাইডিং আৰু পলিঙ বিষয়া

মাৰ্ঘেৰিটাত শান্তিপূৰ্ণ আৰু নিকাভাৱে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত কৰিবলৈ সাজু আৰক্ষী আৰু প্ৰশাসন, ১,৮৪,০৪০ গৰাকী ভোটাৰে কৰিব ভোটদান

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ সাজু মাৰ্ঘেৰিটা

By

Published : Apr 10, 2019, 1:16 PM IST

Updated : Apr 10, 2019, 1:44 PM IST

মাৰ্ঘেৰিটা, ১০ এপ্ৰিলঃ লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া আৰম্ভ হ'বলৈ মাজত মাত্ৰ কেইটামান মুহূৰ্ত । ইতিমধ্যেই নিৰ্বাচনৰ বাবে কটকটীয়া কৰি তোলা হৈছে নিৰাপত্তা বেষ্টনী । বুধবাৰে অনুষ্ঠিত হ'বলগীয়া প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু হৈ উঠিছে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটা মহকুমাও। মাৰ্ঘেৰিটাত সম্পূৰ্ণ মুক্ত, নিকা আৰু শান্তিপূৰ্ণভাৱে নিৰ্বাচন প্ৰক্ৰিয়া চলাই নিবলৈ সাজু আৰক্ষী তথা প্ৰশাসন । মহকুমাটোত মুঠ ২৪৩ টা ভোটগ্ৰহণ কেন্দ্ৰলৈ পুৱাৰে পৰা ই.ভি.এম,ভি.ভি.পি.এ.টি আৰু পলিং সামগ্ৰীসমুহ লৈ ৰাওনা হৈছে প্ৰিজাইডিং আৰু পলিং বিষয়াসকল । নিৰ্বাচনৰ বাবে মহকুমাটোত নিয়োগ কৰা হৈছে মুঠ ৫৯২৪ জন প্ৰিজাইডিং আৰু পলিং বিষয়া । ১,৮৪,০৪০ গৰাকী ভোটাৰে ভোটদান কৰিবলগা মাৰ্ঘেৰিটা মহকুমাত প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে জনসাধৰণৰ মাজত বৃদ্ধি পাইছে ব্যাপক উৎসাহ,উদ্দীপনা ।

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনলৈ সাজু মাৰ্ঘেৰিটা
Last Updated : Apr 10, 2019, 1:44 PM IST

ABOUT THE AUTHOR

...view details