অসম

assam

ETV Bharat / elections

কিয় ভোট নিদিলে প্ৰফুল্ল মহন্তই? - নাগৰিকত্ব সংশোধনী বিধেয়ক

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে বিজেপিৰ স্থিতি অসমবাসীৰ বাবে ভয়ংকৰ বুলি উল্লেখ কৰি ভোটদানৰ পৰা বিৰত থাকে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ৷

ভোট বৰ্জন কৰিলে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

By

Published : Apr 18, 2019, 6:37 PM IST

নগাঁও, 18 এপ্ৰিলঃ নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে পূৰ্বৰ স্থিতিতে অটল ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত । ৰাজ্যবাসীৰ প্ৰতি ভয়ংকৰ তথা ক্ষতিসাধনকাৰী নাগৰিকত্ব সংশোধনী বিধেয়কক লৈ বিজেপিৰ স্থিতিৰ বিৰুদ্ধে প্ৰতিবাদ সাব্যস্ত কৰি ভোটদানৰ পৰা বিৰত থাকে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকী ৷

ভোট বৰ্জন কৰিলে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীয়ে

আজি অনুষ্ঠিত হোৱা দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনত ভোটদানৰ পৰা বিৰত থাকেঅসম গণ পৰিষদৰ প্ৰতিষ্ঠাপক সভাপতি তথা ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ৷ নিজৰ একমাত্ৰ কন্য়াৰ বাহিৰে পৰিয়ালৰ আন কোনো সদস্যই আজি অনুষ্ঠিত নিৰ্বাচনত ভোটদান নকৰিলে বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে ৰাজ্যৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধে প্ৰতিবাদত ভোটাধিকাৰ সাব্যস্ত নকৰিলে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্তই ৷ বিজেপিয়ে পুনৰ চৰকাৰ গঠন কৰিলে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰিব বুলি ঘোষণা কৰাত তাৰে প্ৰতিবাদত ভোটাধিকাৰ সাব্যস্ত কৰাৰ পৰা বিৰত থাকে বুলি জনায় মহন্তই ৷

ABOUT THE AUTHOR

...view details