অসম

assam

ETV Bharat / elections

বহলপুৰত দুটা ভোটগ্ৰহণ কেন্দ্ৰত বিকল ইভিএম আৰু ভিভিপেট মেচিন - EVM VVPET Error

ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত পূব বিলাসীপাৰাত দুটাকৈ ভোটগ্ৰহণ কেন্দ্ৰত বিকল হৈ পৰে ইভিএম আৰু ভিভিপেট মেচিন ৷ নিৰ্বাচনী বিষয়াৰ উপস্থিতিত আধাঘন্টা পলমকৈ আৰম্ভ ভোটগ্ৰহণ ৷

বিকল ইভিএম আৰু ভিভিপেট মেচিন

By

Published : Apr 23, 2019, 11:29 AM IST

বিলাসীপাৰা, 23 এপ্ৰিলঃ ৰাজ্যত তৃতীয় তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া অব্যাহত থকাৰ সময়তে বিভিন্ন স্থানত বিকল হৈ পৰিছে ইভিএম ৷ গুৱাহাটী, বৰপেটা, কোকৰাঝাৰ আৰু ধুবুৰী মুঠ চাৰিটা লোকসভা সমষ্টিৰ আটাইকেইটা সমষ্টিৰ পৰাই ইভিএম বিকল হোৱাৰ বাতৰি আহিছে ৷

বিকল ইভিএম আৰু ভিভিপেট মেচিন

4নং ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত পূৱ বিলাসীপাৰাত দুটা ভোটকেন্দ্ৰত ভোটগ্ৰহণ আৰম্ভ হোৱাৰ লগে লগেই বিকল হৈ পৰে ইভিএম আৰু ভিভিপেট মেচিন ৷ পূৱ বিলাসীপাৰাৰ 246 নং বহলপুৰ নিম্ম প্ৰাথমিক বিদ্যালয়ত ভোটগ্ৰহণ আৰম্ভ হোৱাৰ কিছু সময় পিছতেই বিকল হৈ পৰে ইভিএম মেচিন ৷ অৱশ্যে নিৰ্বাচনী বিষয়াৰ তৎপৰতাত প্ৰায় 1 ঘন্টা দেৰিকে কেন্দ্ৰটোত ভোটগ্ৰহণ আৰম্ভ হয় ৷ আনহাতে 262 নং ৰায়ঝৰা হাইস্কুল ভোটগ্ৰহণ কেন্দ্ৰটো বিকল হৈ পৰে ভিভিপেট মেচিন ৷ কেন্দ্ৰটোত 40টা ভোটদান হোৱাৰ পৰৱৰ্তী সময়তে বিকল হৈ পৰে ভিভিপেট মেচিন ৷ কেন্দ্ৰটোত উপস্থিত থকা ছেক্টৰ বিষয়াই ভিভিপেট মেচিন বদলি কৰি দিয়াৰ আধা ঘন্টা দেৰিকৈ ভোটগ্ৰহণ আৰম্ভ হয় ৷

ABOUT THE AUTHOR

...view details