আজাৰা,১৮ এপ্ৰিলঃ পলাশবাৰীত বৃহস্পতিবাৰে নিৰ্বাচনী প্ৰচাৰ চলায় ৭ নং গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাই । পলাশবাৰী বিধানসভাৰ সমষ্টিৰ অন্তৰ্গত উপৰহালীত নিৰ্বাচনী প্ৰচাৰ চলায় ববিতা শৰ্মাই ।
পলাশবাৰীত ববিতা শৰ্মাৰ প্ৰচাৰ - পলাশবাৰী
তৃতীয় পৰ্যায়ৰ নিৰ্বাচনক লৈ তৎপৰ সকলো দল তথা প্ৰাৰ্থী । কংগ্ৰেছ,বিজেপি, নিৰ্দলীয় প্ৰাৰ্থী সকলো ব্যস্ত এতিয়া নিৰ্বাচনী প্ৰচাৰত ।বৃহস্পতিবাৰে পলাশবাৰীত নিৰ্বাচনী প্ৰচাৰ চলা ৭ নং গুৱাহাটী সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাই ।
এই নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে শাসনাধিস্থ বিজেপি চৰকাৰ তথা প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক কঠোৰ ভাষাৰে সমালোচনা কৰি কয় যে "বিমুদ্ৰাকৰণৰ ফলত বহু মানুহে প্ৰাণ হেৰুৱাইছে । জাল নোট মোডীয়ে বন্ধ কৰিব বুলি কৈছিল কিন্তু বন্ধ নহ'ল ।এন আৰ চিৰ নামত মানুহক হাৰাশাস্তি কৰি আছে এইবাৰ আকৌ নাগৰিকত্ব সংশোধনী বিধেয়কৰ নামত মানুহক হাৰাশাস্তি কৰি আছে । "এনেধৰণৰ মন্তব্য কৰি ববিতা শৰ্মাই বিজেপিক তুলাধুনা দি নিৰ্বাচনী প্ৰচাৰ চলায় । আনহাতে নিৰ্বাচনত জয়ী হ'লে মূলতঃ পলাশবাৰী সমষ্টিৰ লগতে অসমৰ বিভিন্ন অঞ্চলত হৈ থকা গৰা খহনীয়া প্ৰতিৰোধৰ বাবে সংসদত মাত মাতিব বুলি নিৰ্বাচনী সভাত মন্তব্য কৰে কংগ্ৰেছৰ প্ৰাৰ্থীগৰাকীয়ে।