অসম

assam

ETV Bharat / elections

অমিত শ্বাহক চেলেঞ্জ তৰুণ গগৈৰ

বৰপেটাত বহৰিত অনুষ্ঠিত হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চেলেঞ্জ অমিত শ্বাহক , সভাত হিমন্ত বিশ্ব শৰ্মা আৰু আজমলৰ বিৰুদ্ধে সাম্প্ৰদায়িক ৰাজনীতি কৰাৰ অভিযোগ উত্থাপন কৰে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ।

By

Published : Apr 18, 2019, 9:16 PM IST

Updated : Apr 19, 2019, 8:08 AM IST

অমিত শ্বাহক চেলেঞ্জ তৰুন গগৈৰ

বৰপেটা,১৮ এপ্ৰিল : প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ চেলেঞ্জ অমিত শ্বাহক । বৃহস্পতিবাৰে বৰপেটাৰ বহৰিত অনুষ্ঠিত হোৱা এখন হোৱা নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে অমিত শ্বাহক চেলেঞ্জ কৰি কয়, "যদি এন.আৰ.চিৰ পৰা দহ লাখ প্ৰকৃত বিদেশী বাদ পৰে তেন্তে ৰাজনীতিৰ পৰা মই সন্যাস লম" ।

আনহাতে হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলে সাম্প্ৰদায়িক ৰাজনীতি কৰি থকা বুলি মন্তব্য কৰি হিমন্তই প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ লগত থকা সময়ত কোনো সাম্প্ৰদায়িকতাৰ ৰাজনীতি কৰিবলৈ সক্ষম হোৱা নাছিল বুলি মত প্ৰকাশ কৰে ।

অমিত শ্বাহক চেলেঞ্জ তৰুন গগৈৰ

সভাত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে হিমন্ত বিশ্ব শৰ্মা আৰু বদৰুদ্দিন আজমলক ফেটীসাপৰ লগত তুলনা কৰি দুয়োজন নেতাকে বিষ খুৱাই মাৰি পেলাব লাগে বুলি মন্তব্য কৰে । ইপিনে হিমন্তই আজমলক গাখীৰ,কল আৰু আজমলে হিমন্তক খেজুৰ,বিৰিয়ানি খুৱাই ৰাজনীতি কৰি থকা বুলি মন্তব্য কৰে তৰুণ গগৈয়ে ।

Last Updated : Apr 19, 2019, 8:08 AM IST

ABOUT THE AUTHOR

...view details