বিহপুৰীয়া, 4 এপ্ৰিলঃ বিহপুৰীয়া বিধানসভা সমষ্টিৰ অন্তৰ্গত নাৰায়নপুৰত বহুকেইখন নিৰ্বাচনী সভাত ভাগ লয় তেজপুৰ লোকসভা সমষ্টিৰকংগ্ৰেছৰপ্ৰাৰ্থী এম জি ভি কে ভানুৱে ৷ নিৰ্বাচনী সভাতঅংশগ্ৰহণ কৰি বিজেপি প্ৰাৰ্থী পল্লৱলোচন দাসক ইংৰাজী আৰু হিন্দীত কথা ক'বলৈ প্ৰত্যাহ্বান জনায় প্ৰাক্তন আই এ এছ বিষয়াগৰাকীয়ে ৷
হিন্দী আৰু ইংৰাজী ক'ব নোৱাৰে পল্লৱলোচনেঃ ভানু - এম জি ভি কে ভানু
বিহপুৰীয়াত নিৰ্বাচনী সভাত অংশ লৈ পল্লৱলোচনক শিক্ষাৰ গুৰুত্ব সম্পৰ্কে বুজালে তেজপুৰ লোকসভা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী তথা প্ৰাক্তন সৰ্বভাৰতীয় সেৱাৰ বিষয়া এম জি ভি কে ভানুৱে
পল্লৱলোচন দাস তথা বিজেপি দলে শালীনতাৰ সীমা চেৰাই গৈ বুঢ়া গৰু বুলি কৰা অপমানৰ প্ৰত্যুত্তৰত পল্লৱলোচনক সঠিক আৰু মাৰ্জিত ভাষাৰে সমালোচনা কৰে কংগ্ৰেছী প্ৰাৰ্থীগৰাকীয়ে ৷ পল্লৱ লোচনে বয়োজ্যেষ্ঠ সকলক সন্মান কৰিব নাজানে, অসমৰ ৰাইজক গুৰুত্ব নিদি নাগৰিকত্ব সংশোধনী বিধেয়ক কাৰ্যকৰী কৰাত গুৰুত্ব দিয়া বিজেপিৰ অহংকাৰেই ইয়াৰ মূল কাৰণ বুলি কয় ভানুৱে ৷
প্ৰাক্তন বিধায়ক ভূপেন বৰাক লগত লৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে ভানুৱে ৷ আনহাতে ভানুৰ লগতে ভূপেন বৰায়ো বিজেপি দলক সমালোচনা কৰে ৷ সাত বছৰৰ আগতেই ৰাজনীতিৰ পৰা অৱসৰ গ্ৰহণ কৰা প্ৰাক্তন বিধায়ক দেৱানন্দ হাজৰিকাক লৈ পল্লৱলোচনে বুঢ়া গৰুৰ কথা কোৱাটো একেবাৰে দুৰ্ভাগ্যজনক বুলি কয় বিধায়ক ভূপেন বৰাই ৷