অসম

assam

ETV Bharat / elections

ৰঞ্জিত দাস হৈছে গেঞ্জী দাসঃ আমিনুল ইছলাম - ৰঞ্জিত দাস

বৰপেটা লোকসভা সমষ্টিৰ বাবে এদিনতে পৃথকে পৃথকে নিৰ্বাচনী সভা অনুষ্ঠিত কৰে কংগ্ৰেছ আৰু এ আই ইউ ডি এফ দলে ৷ কলগাছিয়াত এইদৰে সন্মুখ সমৰত নামি পৰে কংগ্ৰেছ আৰু এ আই ইউ ডি এফে ৷

কংগ্ৰেছ এ আই ইউ ডি এফৰ নিৰ্বাচনী সভা

By

Published : Apr 20, 2019, 2:09 PM IST

বৰপেটা, 20 এপ্ৰিলঃ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনলৈ মাজত কেইটামান দিন বাকী থকা অৱস্থাতে ৰাজনৈতিক দলসমূহৰ মাজত তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ ৷ তৃতীয় পৰ্যায়ত ভোটগ্ৰহণ অনুষ্ঠিত হ'বলগীয়া বৰপেটা লোকসভা সমষ্টিৰ পৰিৱেশ এতিয়া অভিযোগ-প্ৰতি অভিযোগেৰে গৰম হৈ পৰিছে ৷

6নং বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত কলগাছিয়াত একেদিনাই নিৰ্বাচনী সভা অনুষ্ঠিত কৰে কংগ্ৰেছ আৰু এ আই ইউ ডি এফে ৷ কলগাছিয়াত পৃথকে পৃথকে সভা অনুষ্ঠিত কৰে দুয়োটা দলে ৷

কংগ্ৰেছৰ হৈ নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ কমল কুমাৰ মেধি, প্ৰাক্তন বিধায়ক আব্দুৰ ৰহিম খান, প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদক অপূৰ্ব ভট্টাচাৰ্য্যকে ধৰি বহুকেইগৰাকী নেতাই ৷ সভাত অংশগ্ৰহণ কৰি এ আই ইউ ডি এফক তীব্ৰ সমালোচনা কৰে কমল কুমাৰ মেধিয়ে ৷ মৌলানা বদৰউদ্দিন আজমল আৰু হিমন্ত বিশ্ব শৰ্মা ভাই-ককাই, বদৰ উদ্দিন আজমলে নিজৰ ভোট নগাঁৱৰ বিজেপি প্ৰাৰ্থী ৰূপক শৰ্মাক দিছে বুলি মন্তব্য কৰে কমল কুমাৰ মেধিয়ে ৷

কংগ্ৰেছ এ আই ইউ ডি এফৰ নিৰ্বাচনী সভা

আনহাতে হিমন্ত বিশ্ব শৰ্মা সম্পৰ্কে কোনোধৰণৰ মন্তব্য নকৰোঁ বুলি উল্লেখ কৰি ভাৰতবৰ্ষৰ ধৰ্মনিৰপেক্ষতাবাদেই অনৈক্যৰ মাজত ঐক্য বুলি প্ৰকাশ কৰে ডিব্ৰুগড় লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী পৱন সিঙ ঘাটোৱাৰে ৷

কংগ্ৰেছ এ আই ইউ ডি এফৰ নিৰ্বাচনী সভা

ইপিনে একেদিনাই আন এখন সভা অনুষ্ঠিত কৰে এ আই ইউ ডি এফ দলে ৷ কলগাছিয়াৰ লাংলাত অনুষ্ঠিত হোৱা সভাত এ আই ইউ ডি এফৰ হৈ প্ৰচাৰ চলায় ধিঙৰ বিধায়ক আমিনুল ইছলামে ৷ আমিনুল ইছলামৰ ভাষণ শুনি সভাত উপস্থিত থকা লোকৰ বহুতেই আৱেগিক হৈ কান্দি দিয়ে ৷ কংগ্ৰেছ আৰু বিজেপিক সমালোচনা কৰাৰ লগতে "ডি" ভোটাৰ সম্পৰ্কে দিয়া ভাষণত সভাত উপস্থিত থকা লোকসকলে কান্দি দিয়ে ৷

আনহাতে বিজেপিৰ সভাপতি ৰঞ্জিত দাসে কলগাছিয়া আৰু জনিয়া সম্পৰ্কে কৰা মন্তব্যক প্ৰত্যাহ্বন জনাই দাস এগৰাকী পাগল মানুহ বুলি কোৱাৰ লগতে মানুহে তেওঁক গেঞ্জী দাস বুলিও কয় বুলি সমালোচনা কৰে আমিনুল ইছলামে ৷ ৰাইজে নিজৰ সুবিধা অনুসৰি কাম কৰিব, তাত সংস্কৃতিৰ কথা নাহে, যদিহে অসমীয়া ভাষা-সংস্কৃতি প্ৰদূষিত হৈছে সেয়া একমাত্ৰ বিজেপিৰ বাবে সম্ভৱ হৈছে বুলি ৰঞ্জিত দাসক কটাক্ষ কৰে বিধায়ক আমিনুল ইছলামে ৷

কংগ্ৰেছ এ আই ইউ ডি এফৰ নিৰ্বাচনী সভা

ABOUT THE AUTHOR

...view details