সোণাই, ১৬ এপ্ৰিলঃ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ অন্তিম দিনত সোণাইত নিৰ্বাচনী সভাত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণাৱালে । শিলচৰ লোকসভা সমষ্টিৰ অন্তৰ্গত সোণাই বিধানসভা সমষ্টিত নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।
সোণাইত হিন্দীতে ভাষণ দিলে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে - সাধাৰণ নিৰ্বাচন ২০১৯
শিলচৰ লোকসভা সমষ্টিৰ বিজেপি প্ৰাৰ্থী ডাঃ ৰাজদীপ ৰায়ৰ হৈ নিৰ্বাচনী প্ৰচাৰ অংশগ্ৰহণ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে ।
সোণাইৰ নিত্য গোপাল উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত হেলিকপ্টাৰেৰে গৈ উপস্থিত হয় ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । মুখ্যমন্ত্ৰীৰ হেলিকপ্টাৰ চাবলৈ খেলপথাৰত উপস্থিত থাকে বহুসংখ্যক ৰাইজ । সভাত অংশগ্ৰহণ কৰি হিন্দীতে নিজৰ ভাষণ আৰম্ভ কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে । সভাত অংশগ্ৰহণ কৰি দেশত দ্বিতীয়বাৰৰ বাবে মোডীক প্ৰধানমন্ত্ৰী কৰিবলৈ ৰাইজক আহ্বান জনাই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । সভাত নিজ ভাষণ প্ৰসংগত কোনো উন্নয়নমুলক প্ৰস্তাৱৰ বিষয়ে কোনো কথা উল্লেখ নকৰি কেৱল কংগ্ৰেছ আৰু অন্যান্য বিৰোধী দলক সমালোচনা কৰিয়ে নিজৰ ভাষণ সমাপ্ত কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে । সভাত মুখ্যমন্ত্ৰীৰ লগতে ডাঃ ৰাজদীপ ৰায়, বিজেপিৰ কেন্দ্ৰীয় কমিটিৰ সাধাৰণ সম্পাদক মহেন্দ্ৰ সিং,বিধায়ক দিলীপ কুমাৰ পাল ,বিধায়ক আমিনুল হক লস্কৰ আৰু বহুকেইগৰাকী নেতা উপস্থিত থাকে ।