অসম

assam

By

Published : Apr 19, 2019, 11:08 PM IST

ETV Bharat / elections

মুখ্যমন্ত্ৰীৰ উপস্থিতিত বৰপেটাৰোডত সাত শতাধিক কংগ্ৰেছী বিজেপিলৈ

বৰপেটাৰোডত কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায় মুখ্যমন্ত্ৰী গৰাকীয়ে ৷ সভাতে কেইবা শতাধিক কংগ্ৰেছীয়ে যোগদান কৰে বিজেপি দলত ।

বৰপেটাৰোডত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

বৰপেটাৰোড,১৯ এপ্ৰিলঃ কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ বিপিএফৰ প্ৰাৰ্থী প্ৰমীলাৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে । উক্ত প্ৰচাৰ সভাতে কংগ্ৰেছ কৰ্মী জয়ন্ত বিশ্বাস আৰু দেৱ বৰাৰ নেতৃত্বত প্ৰায় সাত শতাধিক কংগ্ৰেছৰ কৰ্মীয়ে গেৰুৱা বসন পিন্ধে ৷ বিজেপি দলত যোগদান কৰা কংগ্ৰেছৰ কৰ্মী সকলক মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে টুপি আৰু গেৰুৱা বস্ত্ৰ পিন্ধাই আদৰণি জনায় ৷

বৰপেটাৰোডত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল

ইফালে বিজেপিৰ ৰাজ্যিক সভাপতি তথা সৰভোগৰ বিধায়ক ৰণজিৎ দাসৰ কন্যা ৰোজাস্কীয়া ৰণজিতেও আনুষ্ঠানিক ভাৱে যোগদান কৰে বিজেপি দলত । মুখ্যমন্ত্ৰীৰ লগতে সভাত অংশগ্ৰহণ কৰে বিজেপিৰ ৰাজ্যিক সভাপতি ৰণজিৎ দাস, অগপ সভাপতি অতুল বৰা, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে ।

ABOUT THE AUTHOR

...view details