অসম

assam

কংগ্ৰেছৰ দিনত কোকৰাঝাৰলৈ মানুহ আহিব ভয় কৰিছিলঃ সোণোৱাল

By

Published : Apr 17, 2019, 8:08 PM IST

চিৰাঙৰ বিজনী আৰু বাসুগাঁৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, অগপ সভাপতি অতুল বৰা, বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী আৰু ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীৰ নিৰ্বাচনী সভা । কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাই মুখ্যমন্ত্ৰীগৰাকীয়ে৷

চিৰাঙৰ বিজনী আৰু বাসুগাঁৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ

চিৰাং,17 এপ্ৰিলঃ চিৰাঙত বিপিএফৰ কোকৰাঝাৰ লোকসভা সমষ্টিৰ প্ৰাৰ্থী প্ৰমিলা ৰাণী ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ । বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰী,অগপ সভাপতি অতুল বৰা,ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰীয়ে নিৰ্বাচনী প্ৰচাৰত সংগ দিয়ে মুখ্যমন্ত্ৰীজনক ।

চিৰাঙৰ বিজনী আৰু বাসুগাঁৱত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নিৰ্বাচনী প্ৰচাৰ

কোকৰাঝাৰ লোকসভা সমষ্টিৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী প্ৰমিলাৰাণী ব্ৰহ্মক নাঙলৰ ছবিত ভোট দি জয়যুক্ত কৰাৰ আহ্বান জনাই কয় "মই মুখ্যমন্ত্ৰী হিচাপে আপোনালোকক প্ৰতিশ্ৰুতি দিছোঁ যে আপোনালোকে আমাৰ প্ৰতিনিধিক জয়যুক্ত কৰক, আমি আপোনাৰ নিৰাপত্তা নিশ্চিত কৰিম, মান-সন্মান ৰক্ষা কৰিম । কংগ্ৰেছ চৰকাৰৰ দিনত কোকৰাঝাৰলৈ মানুহ আহিবলৈ ভয় কৰিছিল ৷ কিন্তু আমাৰ চৰকাৰ অহাৰ পিচতে হাগ্ৰামা মহিলাৰীৰ নেতৃত্বত এই অঞ্চললৈ শান্তি শৃংখলা ঘূৰি আহিছে । গতিকে আমি কোনো বিভেদৰ ৰাজনীতি নকৰো ।"


সভাত অসম গণ পৰিষদৰ সভাপতি অতুল বৰাই উল্লেখ কৰে যে, " আমি ছয় জনগোষ্ঠীৰ জনজাতিকৰণত গুৰুত্ব প্ৰদান কৰিছো যিটো কংগ্ৰেছে কৰা নাছিল ।" সভাত উপস্থিত থাকি ৰাজ্যসভাৰ সাংসদ বিশ্বজিত দৈমাৰী আৰু বিটিচি প্ৰধান হাগ্ৰামা মহিলাৰীয়েও সাংসদ নৱ শৰণীয়া আৰু ইউ পি পি এল দলক সমালোচনা কৰি প্ৰমীলা ৰাণী ব্ৰহ্মৰ হৈ ভোট বিচাৰে ।

ABOUT THE AUTHOR

...view details