অসম

assam

By

Published : Apr 22, 2019, 8:04 PM IST

ETV Bharat / elections

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু বকো

দক্ষিণ কামৰূপৰ চৰাঞ্চললৈ ৰাওনা নিৰ্বাচনী বিষয়া-কৰ্মচাৰীসকল। ছয়গাঁৱৰ ৪৯ আৰু বকোৰ ১২ স্পৰ্শকাতৰ ভোটগ্ৰহণ কেন্দ্ৰত অধিক আৰক্ষী, অৰ্ধসামৰিক বাহিনী মোতায়ন কৰা হৈছে ।

তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে সাজু কোকৰৰঝাৰ

বকো, 22 এপ্ৰিলঃ ৰাজ্যত তৃতীয় পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ ভোটগ্ৰহণৰ বাবে সাজু হৈছে নিৰ্বাচনী বিষয়া-কৰ্মচাৰীসকল । দক্ষিণ কামৰূপৰ ছয়গাঁও আৰু বকো বিধানসভা সমষ্টিৰ অন্তৰ্গত চৰাঞ্চললৈ ইতিমধ্যে ৰাওনা হৈছে ভোটগ্ৰহণত নিয়োজিত বিষয়া-কৰ্মচাৰীসকল । ছয়গাঁৱৰ বাতাহিদিয়া চৰৰ ৮টা ভোটগ্ৰহণ কেন্দ্ৰলৈ দেওবাৰে বিয়লিতে যাত্ৰা আৰম্ভ কৰে কৰ্মচাৰীসকলে । বাতাহিদিয়া চৰলৈ প্ৰায় ৭ কিলোমিটাৰ বৰলুইতৰ বুকুৱেদি যন্ত্ৰচালিত নাৱেৰে যোৱাৰ পিছত ট্ৰেক্টৰ, ম'হৰ গাড়ীৰে নিয়া হয় EVM আৰু VVPAT মেচিন ।

ABOUT THE AUTHOR

...view details