নলবাৰী, 17 এপ্ৰিল: নলবাৰীত কংগ্ৰেছ প্ৰাৰ্থী ববিতা শৰ্মাৰ নিৰ্বাচনী প্ৰচাৰ । নলবাৰী-কামৰূপ জিলা সীমান্তৱৰ্তী চৰাবড়ী কালী মন্দিৰত সেৱা জনাই কংগ্ৰেছ সমৰ্থকসকলে প্ৰাৰ্থীগৰাকীৰ সমৰ্থনত এক বাইক ৰেলী উলিয়ায়। প্ৰাৰ্থীগৰাকীয়ে বিজুলীঘাটত কংগ্ৰেছৰ এটা নিৰ্বাচনী কাৰ্যালয় মুকলি কৰে । গুৱাহাটী লোকসভা সমষ্টিৰ অন্তৰ্গত বৰক্ষেত্ৰী বিধানসভা সমষ্টিৰ বৰভাগত ভিন্ন প্ৰান্তত পথ সভা পাতি প্ৰচাৰ চলায় ববিতা শৰ্মাই । কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে উলিওৱা এই ৰেলীত বহু সমৰ্থকে অংশ লয় ।
একে দিনাই একে স্থানতে কংগ্ৰেছ-বিজেপিৰ প্ৰচাৰ
কংগ্ৰেছ দলে উক্ত ৰোড শ্বোৰ বাবে যোৱা ১২ এপ্ৰিলতে জিলা প্ৰশাসনৰ পৰা অনুমতি লাভ কৰিছিল আৰু ইয়াৰ বিপৰীতে বিজেপি দলে কোনো অনুমতি নোলোৱাকৈ একে স্থানতে,একেটা পথেৰে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্বো কৰাক লৈ কংগ্ৰেছে প্ৰশাসনৰ ওচৰত অভিযোগ দাখিল কৰে ৷ অৱশ্যে অৱশেষত আজি পুৱাৰ ভাগত বিজেপিয়ে অনুমতিৰ বাবে আবেদন কৰে আৰু নাটকীয়ভাৱে অনুমতি লাভ কৰে ৷
কংগ্ৰোছ বিজেপি ৰ একে স্থানত নিৰ্বাচনী প্ৰচাৰ
আনহাতে,কংগ্ৰেছ দলে উক্ত ৰোড শ্বোৰ বাবে যোৱা ১২ এপ্ৰিলতে জিলা প্ৰশাসনৰ পৰা অনুমতি লাভ কৰিছিল আৰু ইয়াৰ বিপৰীতে বিজেপি দলে কোনো অনুমতি নোলোৱাকৈ একে স্থানতে,একেটা পথেৰে ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ৰোড শ্বো কৰাক লৈ কংগ্ৰেছে প্ৰশাসনৰ ওচৰত অভিযোগ দাখিল কৰে ৷ অৱশ্যে অৱশেষত আজি পুৱাৰ ভাগত বিজেপিয়ে অনুমতিৰ বাবে আবেদন কৰে আৰু নাটকীয়ভাৱে অনুমতি লাভ কৰে ৷