অসম

assam

By

Published : Apr 16, 2019, 7:43 PM IST

ETV Bharat / elections

মহানগৰীত নিৰ্বাচনী প্ৰচাৰত ব্যস্ত ৰঞ্জিত দাস

গুৱাহাটী সমষ্টিৰ বিজেপি প্ৰাৰ্থী কুইন ওজাৰ হৈ প্ৰচাৰত নামিল ৰঞ্জিত দাস

মহানগৰীত নিৰ্বাচনী প্ৰচাৰত নামিল ৰঞ্জিত দাস

গুৱাহাটী, ১৬ এপ্ৰিলঃ তুংগত উঠিছে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনী প্ৰচাৰ ৷ ভোটাৰক আকৰ্ষিত কৰিবৰ বাবে সকলো ৰাজনৈতিক দলে হাতত লৈছে ভিন্ন পন্থা ৷ মঙলবাৰে দিশপুৰ মণ্ডলৰ বিজেপিৰ উদ্যোগত মহানগৰীৰ নাৰেংগী ক্ৰীড়া সন্থাৰ খেল পথাৰত অনুষ্ঠিত হয় এক নিৰ্বাচনী সভা ৷ এই নিৰ্বাচনী সভাত উপস্থিত থাকে ৰাজ্যিক বিজেপিৰ সভাপতি ৰঞ্জিত দাসৰ লগতে বহু নেতা কৰ্মী ৷ সভাৰ পূৰ্বে সভাপতি ৰঞ্জিত দাসক এক বাইক ৰেলীৰে আদৰি আনে বিজেপি কৰ্মীসকলে ৷ ৰাইজলৈ সভাপতিৰ আহ্বান ২৩ এপ্ৰিলত এক ভাল সিদ্ধান্ত ল'ব নাৰেংগী অঞ্চলৰ ভোটাৰে ৷ মূলতঃ লোকসভা নিৰ্বাচনত বিজেপি প্ৰাৰ্থী কুইন ওজাক জয়ী কৰোৱাৰ উদ্দেশ্যে এই নিৰ্বাচনী সভা অনুষ্ঠিত হৈছে ৷

মহানগৰীত নিৰ্বাচনী প্ৰচাৰত নামিল ৰঞ্জিত দাস

ABOUT THE AUTHOR

...view details