অসম

assam

ETV Bharat / elections

অখিল গগৈ পেছাদাৰী আন্দোলনকাৰীঃ ৰূপম গোস্বামী

মুখপাত্ৰ ৰূপম গোস্বামী আৰু সুভাষ দত্তই হেঙেৰাবাৰীৰ দলীয় কাৰ্যালয়ত সম্বোধন কৰে সংবাদমেল

By

Published : Apr 18, 2019, 5:38 PM IST

বিজেপিৰ সংবাদ মেল

গুৱাহাটী, 18 এপ্ৰিলঃ হেঙেৰাবাৰীৰ দলীয় কাৰ্যালয়ত বিজেপিৰ সংবাদ মেল সম্বোধন কৰে মুখপাত্ৰ ৰূপম গোস্বামী আৰু সুভাষ দত্তই ৷ বিজেপিৰ মুখপাত্ৰ ৰূপম গোস্বামীয়ে কংগ্ৰেছক কটাক্ষ কৰি কয় যে, "গোপীনাথ বৰদলৈ, ভূপেন হাজৰিকাক কংগ্ৰেছে সন্মান কৰিব নাজানিলে ৷ ব্ৰিটিছৰ আদৰ্শৰে আজিও চলি আছে কংগ্ৰেছ দল৷ অখিল গগৈ এগৰাকী পেছাদাৰী আন্দোলনকাৰী, যি কংগ্ৰেছৰ হৈ কাম কৰি আহিছে৷"

বিজেপিৰ সংবাদ মেল

লগতে সংবাদমেলত মুখপাত্ৰ সুভাষ দত্তই কয় যে, "দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ 5 খন আসনতেই জয়ী হব বিজেপি৷ স্বচ্ছ, নিকা প্ৰশাসন, উন্নয়নৰ বাবেই বিজেপিক ভোট দিব দেশ তথা অসমৰ ৰাইজে৷"

ABOUT THE AUTHOR

...view details