অসম

assam

ETV Bharat / elections

আব্দুল খালেক জয়ী হ'লে নিজ পৰিয়ালৰ পৰা দিব নেকি উপ-নিৰ্বাচনৰ প্ৰাৰ্থীত্ব ?

বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকে নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি তেওঁৰ পৰিয়ালৰ পৰা উপ-নিৰ্বাচনৰ বাবে কোনো প্ৰাৰ্থীত্বৰ দায়িত্ব নাপাই বুলি মন্তব্য কৰে

By

Published : Apr 6, 2019, 7:38 PM IST

নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ আব্দুল খালেকৰ

বৰপেটা, ৬ এপ্ৰিলঃ ''খালেকৰ পৰিয়ালৰ পৰা কোনো উপ-নিৰ্বাচনৰ প্ৰাৰ্থী নহয়''-এই মন্তব্য বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেকৰ । শনিবাৰে বামুণটাৰী বি এড কলেজ চৌহদত অনুষ্ঠিত হোৱা এখন নিৰ্বাচনী প্ৰচাৰ সভাত কংগ্ৰেছ প্ৰাৰ্থী আব্দুল খালেক উপস্থিত হয়। দীৰ্ঘদিন ধৰি খালেক জয়ী হ'লে তেওঁৰ পৰিয়ালৰ পৰা উপ-নিৰ্বাচনৰ প্ৰাৰ্থী নিৰ্বাচিত কৰা হ'ব বুলি প্ৰচাৰ চলি অহাৰ সময়তে বৰপেটা সভাত খালেকে স্পষ্ট ভাৱে প্ৰকাশ কৰে যে তেওঁৰ পৰিয়ালৰ পৰা কোনো উপ-নিৰ্বাচনৰ প্ৰাৰ্থী নহয় ।

আনহাতে, ধিংৰ বিধায়ক আমিনুল ইছলামে আব্দুল খালেকক ব্লেক মেইল কৰি আছে বুলিও সভাত মন্তব্য কৰে কংগ্ৰেছ প্ৰাৰ্থীগৰাকীয়ে । ইফালে সাংবাদিকৰে হোৱা এক সাক্ষাৎকাৰত খালেকে কয় যে, অভিমুন্যক যিদৰে চক্ৰবেহুত পেলাই ঘেৰি ধৰিছিল ঠিক তেনেদৰে, এ আই ইউ ডি এফৰ নেতা-কৰ্মীয়ে বিভিন্ন অপপ্ৰচাৰেৰে খালেকক ঘেৰি ধৰিছে । এ আই ইউ ডি এফৰ প্ৰাৰ্থী ডঃ হাফিজ ৰফিকুল ইছলামে মিছা কথাৰ আশ্ৰয় লোৱাৰ বাবেই বিধানসভা নিৰ্বাচনত ৩০ হেজাৰ ভোটত পৰাজয় হৈছে আৰু যিমান মিছা কথা ক'ব সিমান ভোট কম পাব বুলি মন্তব্য কৰাৰ উপৰিও মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা অসমৰ সমাজ জীৱনৰ বাবে ভয়ংকৰ বুলিও মন্তব্য কৰে খালেকে ।

নিৰ্বাচনী প্ৰচাৰ সভাত অংশগ্ৰহণ আব্দুল খালেকৰ

ABOUT THE AUTHOR

...view details