অসম

assam

By

Published : Apr 5, 2019, 3:23 AM IST

ETV Bharat / elections

ৰঞ্জিত দত্ত, শ্বাহৰুখ খান নে আমিৰ খান: ভাস্কৰ দাহাল

ৰঞ্জিত দত্তই তেজপুৰ লোকসভাৰ কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানুৰ বিৰুদ্ধে কৰা মন্তব্যৰ বাবে জাঙুৰ খাই উঠিল অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা মুখপাত্ৰ ভাস্কৰ দাহাল ৷

ETV BHARAT

তেজপুৰ, 5 এপ্ৰিলঃ আগন্তক লোকসভা নিৰ্বাচনৰ প্ৰাক্ক্ষণত এতিয়া ৰাজনীতিত মৌখিক আক্ৰমণ আৰু প্ৰত্যাক্ৰমনৰ জোৱাৰ ৷ ৰাজনৈতিক দলসমূহৰ মাজত বাক-বিতণ্ডা চলি থকাৰ মাজতেই বৃহস্পতিবাৰে তেজপুৰত জাৰ্ণালিষ্ট ইউনিয়নৰ সভাকক্ষত এক সংবাদমেল সম্বোধন কৰিলে অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা মুখপাত্ৰ ভাস্কৰ দাহালে ৷

উক্ত সংবাদমেলতে মন্ত্ৰী ৰঞ্জিত দত্তই তেজপুৰ লোকসভাৰ কংগ্ৰেছৰ প্ৰাৰ্থী এম জি ভি কে ভানুৰ বিৰুদ্ধে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে মুখপাত্ৰগৰাকীয়ে ৷ তেওঁ কয় যে, ‘‘ৰঞ্জিত দত্তই নিজকে শ্বাহৰুখ খান, আমিৰ বুলি ভাবিছে নেকি যে লোকৰ চেহেৰাৰ বিশ্লেষণ কৰিবলৈ আৰম্ভ কৰিছে ৷’’ লগতে ৰঞ্জিত দত্তই বেলেগৰ চাৰ্টিফিকেট দিবলৈ অধিকাৰ কোনে দিলে বুলিও প্ৰশ্ন কৰে ভাস্কৰ দাহালে ৷

ৰঞ্জিত দত্ত, শ্বাহৰুখ খান নে আমিৰ খান- প্ৰশ্ন ভাস্কৰ দাহালৰ


শেহতীয়াকৈ, ৰঞ্জিত দত্তই তেজপুৰ লোকসভা সমষ্টিক কংগ্ৰেছ প্ৰেক্ষাপিত প্ৰাৰ্থী এম জি ভি কে ভানুক দক্ষিণ ভাৰতৰ চিনেমাৰ ভিলেইন বুলি কটাক্ষ কৰিছিল ৷ তাৰ প্ৰত্যোত্তৰত বৃহস্পতিবাৰে শোণিতপুৰ জাৰ্ণালিষ্ট ইউনিয়নৰ সভাকক্ষত অসম প্ৰদেশ কংগ্ৰেছৰ সম্পাদক তথা মুখপাত্ৰ ভাস্কৰ দাহালে এইদৰে প্ৰকাশ কৰে ৷ লগতে ৰঞ্জিত দত্তই কৰা মন্তব্যক তীব্ৰ গৰিহণা দি নিজৰ চেহেৰাটোও এবাৰ আইনাৰ আগত চাই আহক বুলিও নিন্দা কৰে ৰঞ্জিত দত্তক ৷

ABOUT THE AUTHOR

...view details