অসম

assam

ETV Bharat / elections

পৰিৱৰ্তন বিচাৰি ৰাইজে ভোট দিছেঃ ৰিপুন বৰা - APCC Press Meet

তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন সুকলমে অনুষ্ঠিত হৈ যোৱাৰ পৰৱৰ্তী সময়ত ৰাজীৱ ভৱনত সংবাদমেলৰ আয়োজন প্ৰদেশ কংগ্ৰেছৰ সভাপতিৰ

ৰাইজে পৰিৱৰ্তন বিছাৰিয়ে ভোট দিছেঃ ৰিপুন বৰা

By

Published : Apr 24, 2019, 3:01 PM IST

Updated : Apr 24, 2019, 8:37 PM IST

গুৱাহাটী, 24 এপ্ৰিলঃলোকসভা নিৰ্বাচন অন্ত পৰাৰ পাচত বুধবাৰে ৰাজীৱ ভৱনত সংবাদমেলযোগে ৰাইজক ধন্যবাদ জ্ঞাপন কৰে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাই ৷ ৰিপুন বৰাৰ সৈতে সংবাদমেলত উপস্থিত থাকে গুৱাহাটী লোকসভা সমষ্টিৰ প্ৰাৰ্থী ববিতা শৰ্মা আৰু প্ৰদেশ কংগ্ৰেছৰ মুখপাত্ৰ অপূৰ্ব ভট্টাচাৰ্য ৷

ৰাইজে পৰিৱৰ্তন বিছাৰিয়ে ভোট দিছেঃ ৰিপুন বৰা

সংবাদ মেলত অসমৰ ৰাইজক ধন্যবাদ জ্ঞাপন কৰি ৰিপুন বৰাই কয় যে, "অসমৰ ৰাইজে পৰিৱৰ্তন বিচাৰি এইদৰে ব্যাপক হাৰে ওলাই আহিছে ৷ সেইবাবে আমি দলৰ হৈ অসমবাসীক ধন্যবাদ জ্ঞাপন কৰিছো৷ ৰাইজে নৰেন্দ্ৰ মোডী নেতৃত্বাধীন বিজেপি চৰকাৰৰ পৰিৱৰ্তন বিছাৰিছে ৷ কংগ্ৰেছৰ প্ৰতি ৰাইজে সঁহাৰি জনাই নিজৰ ভোটাধিকাৰ সাব্যস্ত কৰিছে ৷ হিমন্ত বিশ্ব শৰ্মা এগৰাকী হতাশগ্ৰস্ত মানুহ ৷ বিজেপিৰ স্থিতি দেখি হতাশাত ভুগি য'তে-ত'তে উদ্ভট নৃত্য প্ৰদৰ্শন কৰিছে ৷ নিৰ্বাচন আয়োগে বিজেপিৰ হৈ কাম কৰিছে, নিৰ্বাচন আয়োগৰ সকলো বিষয়া-কৰ্মচাৰীয়ে বিজেপিৰ হৈয়েই কাম কৰিছে ৷ পশ্চিমবংগত অমিত শ্বাহে কৰা মন্তব্য সম্পূৰ্ণ অসাংবিধানিক ৷ উচ্চতম ন্যায়ালয়ে নিৰীক্ষণ কৰি থকা ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীক লৈ তেওঁৰ মন্তব্য সম্পূৰ্ণ অসাংবিধানিক ৷ আদালত অৱমাননাৰ বাবেই শীঘ্ৰেই উচ্চতম ন্যায়ালয়ে শাসনাধীষ্ঠিত দলটোৰ সভাপতিৰ বিৰুদ্ধে বিহীত ব্যৱস্থা গ্ৰহণ কৰিব লাগে ৷"

তেওঁ লগতে উল্লেখ কৰে যে, অসমৰ 14খন আসনৰ 10 খনেই কংগ্ৰেছে লাভ কৰিব আৰু গুৱাহাটী লোকসভা সমষ্টিৰ ৰাইজে কংগ্ৰেছ দলৰ পক্ষত ভোটদান কৰিছে ৷

Last Updated : Apr 24, 2019, 8:37 PM IST

ABOUT THE AUTHOR

...view details