ধুবুৰী, 23 এপ্ৰিলঃ তৃতীয় তথা অন্তিম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ আৰু কেইটিমান মুহূৰ্তৰ ভিতৰতে ভোটদানৰ অন্ত পৰিব ৷ ৰাজ্যৰ বৰপেটা, কোকৰাঝাৰ, ধুবুৰী আৰু গুৱাহাটী মুঠ চাৰিটা লোকসভা সমষ্টিত অনুষ্ঠিত হৈছে তৃতীয় তথা অন্তিম পৰ্যায়ৰ নিৰ্বাচন ৷
মহিলাৰ দ্বাৰা সু-শৃংখলিতভাৱে পৰিচালিত এটি ভোটকেন্দ্ৰ
ধুবুৰী লোকসভা সমষ্টিৰ 11টা ভোটকেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হৈছে ৷ মহিলাৰ দ্বাৰা পৰিচালিত এটি ভোটকেন্দ্ৰৰ পৰা স্থানীয় সাংবাদিক সাহানুৰ ইছলামৰ এক প্ৰতিবেদন ৷
মহিলাৰ দ্বাৰা সু-শৃংখলিতভাৱে পৰিচালিত এটি ভোটকেন্দ্ৰ
ধুবুৰী লোকসভা সমষ্টিৰ অন্তৰ্গত 11টা ভোটগ্ৰহণ কেন্দ্ৰ মহিলাৰ দ্বাৰা পৰিচালিত হৈছে ৷ প্ৰথমবাৰৰ বাবে এইদৰে নিৰ্বাচন আয়োগে প্ৰদান কৰা দায়িত্ব পালন কৰিবলৈ পাই মহিলা নিৰ্বাচনী বিষয়াসকলো বহুত আশাবাদী, উৎসাহী ৷ ধুবুৰীৰ এটি মহিলাৰ দ্বাৰা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰৰ পৰা স্থানীয় সাংবাদিক সাহানুৰ ইছলামৰ এক প্ৰতিবেদন ৷