কোকৰাঝাৰ, 21 এপ্ৰিলঃ বৃহৎ নিৰ্বাচনী প্ৰচাৰত নিজৰ বক্তব্যত আজমলে কয় যে হাগ্ৰামা মাহিলাৰীয়ে বিজেপি আৰু হিমন্ত বিশ্ব শৰ্মাৰ লগ এৰক নহ’লে ধ্বংস হৈ যাব হাগ্ৰামা । ইউপিপিএলৰ নিৰ্বাচনী চিহ্ন ট্ৰেক্টৰে নাঙল ধ্বংস কৰি দিব বুলিও মন্তব্য বদৰুদ্দিন আজমলৰ ৷
সাংবাদিকৰ প্ৰশ্নত আজমল কয় যে এইবাৰ এআইইউদিএফে তিনি খন নহয় চাৰি খন আসন জয় কৰাটো নিশ্চিত কিয়নো কোকৰাঝাৰ আসনখন এআইইউডিএফৰে অংগ । বিজেপি আৰু কংগ্ৰেছ এইবাৰ নিশেষ হৈ যাব বুলিও কয় তেওঁ ।
কোকৰাঝাৰত ইউপিপিএল প্ৰাৰ্থী ইউ.জি.ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ - বদৰউদ্দিন আজমল
কোকৰাঝাৰত পুনৰ বদৰউদ্দিন আজমলৰ ইউপিপিএলৰ হৈ নিৰ্বাচনী প্ৰচাৰ । কোকৰাঝাৰৰ ফকিৰাগ্ৰামত দেওবাৰে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ প্ৰচাৰৰ অন্তিম দিনত বদৰউদ্দিন আজমলে ইউপিপিএলৰ হৈ নিৰ্বাচনী প্ৰচাৰ কৰি বিটিচি মূৰব্বী হাগ্ৰামা মাহিলাৰী আৰু বিজেপিক তুলাধুনা দিয়ে ।
![কোকৰাঝাৰত ইউপিপিএল প্ৰাৰ্থী ইউ.জি.ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ](https://etvbharatimages.akamaized.net/etvbharat/images/768-512-3065084-thumbnail-3x2-badaruddin.jpeg)
কোকৰাঝাৰত ইউপিপিএল প্ৰাৰ্থী ইউ.জি.ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ
কোকৰাঝাৰত ইউপিপিএল প্ৰাৰ্থী ইউ.জি.ব্ৰহ্মৰ হৈ নিৰ্বাচনী প্ৰচাৰ
ইউপিপিএল প্ৰাৰ্থী ইউ.জি.ব্ৰহ্মই নিজৰ ভাষণত কয় এইবাৰ কেৱল লোকসভা নহয় আগন্তুক বিটিচিৰ নিৰ্বাচনত পৰাজয় হোৱাতো নিশ্চিত দুয়োটা দল ৷ হাগ্ৰামা মহিলাৰীৰ নাটক শেষ সময় আহিছে বুলিও কয় তেওঁ ।
5 নং কোকৰাঝাৰ লোকসভা সমষ্টিৰ যুঁজত নামিছে বিভিন্ন ৰাজনৈতিক দলৰ । এআইইউডিএফৰ কাৰ্যকৰী সভাপতি অদিত্য লাংথাচাকে ধৰি আন বহু নেতাই অংশগ্ৰহণ কৰে এই নিৰ্বাচনী প্ৰচাৰত । প্ৰায় এক হাজাৰৰো অধিক জনতাই নিৰ্বাচনী প্ৰচাৰত অংশগ্ৰহণ কৰে ।