অসম

assam

ETV Bharat / elections

বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰৰ প্ৰকাশৰ পাচতেই ধুবুৰীত আবু তাহেৰ বেপাৰীৰ প্ৰতিক্ৰিয়া

অসমৰ ৰাইজৰ আৱেগ অনুভূতিক গছকি, 855 গৰাকী শ্বহীদক অসন্মান কৰি বিজেপি দলে নাগৰিকত্ব সংশোধনী বিধেয়কখনৰ পক্ষত থিয় দিয়া কাৰ্যক অসমৰ ৰাইজে উচিত প্ৰত্যুত্তৰ দিব বুলি মন্তব্য ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে

ধুবুৰীত আবু তাহেৰ বেপাৰীৰ প্ৰতিক্ৰিয়া

By

Published : Apr 8, 2019, 10:14 PM IST

ধুবুৰীত আবু তাহেৰ বেপাৰীৰ প্ৰতিক্ৰিয়া

ধুবুৰী, 8 এপ্ৰিল : বিজেপিৰ নিৰ্বাচনী ইস্তাহাৰত নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত কৰা বিষয় উল্লেখ হোৱাৰ পাচতেই সৰ্বত্ৰে সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ । অসমৰ ৰাইজৰ আৱেগ অনুভূতিক গছকি, 855 গৰাকী শ্বহীদক অসন্মান কৰি বিজেপি দলে নাগৰিকত্ব সংশোধনী বিধেয়়কখনৰ পক্ষত থিয় দিয়া কাৰ্যক অসমৰ ৰাইজে উচিত প্ৰত্যুত্তৰ দিব বুলি মন্তব্য ধুবুৰীৰ কংগ্ৰেছ প্ৰাৰ্থী আবু তাহেৰ বেপাৰীয়ে ৷ আনহাতে, এসময়ত নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতা কৰি বিজেপিৰ লগত মিত্ৰতা ভংগ কৰা অগপ চৰকাৰৰ ওপৰত ৰাইজে ইতিমধ্যে আস্থা হেৰুৱাইছে । তেনেস্থলত সোমবাৰে বিজেপি দলে প্ৰকাশ কৰা নিৰ্বাচনী ইস্তাহাৰত পুনৰ ক্ষমতালৈ আহিলে নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহিত কৰাৰ কথা উল্লেখ কৰা প্ৰসঙ্গই জনমানসত অসম গণ পৰিষদৰ গ্ৰহণযোগ্যতা একেৰাবে নোহোৱা কৰিব বুলিও মন্তব্য কৰে বিধায়ক আবু তাহেৰ বেপাৰীয়ে ।

ABOUT THE AUTHOR

...view details