বৰপেটা, 10 এপ্ৰিলঃবৰপেটাৰ সনকুছি কলনীত এক মন্দিৰ উদ্বোধনী কাৰ্যসূচীত অংশগ্ৰহণ কৰে বৰপেটা লোকসভা সমষ্টিৰ প্ৰাৰ্থী তথা ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ কুমাৰ দীপক দাসে ৷ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি এই অঞ্চলৰ ৰাইজৰ একতাৰ কথা উল্লেখ কৰে ৷
আব্দুল খালেক অপসংস্কৃতিৰ বাহকঃ কুমাৰ দীপক দাস - কুমাৰ দীপক দাস
বৰপেটাৰ সনাকুছিত এক মন্দিৰ উদ্বোধনী অনুষ্ঠানত অংশগ্ৰহণ কৰি বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী আব্দুল খালেকক তীব্ৰ সমালোচনা কৰে মিত্ৰজোঁটৰ প্ৰাৰ্থী কুমাৰ দীপক দাসে
আনহাতে মন্দিৰ উদ্বোধনৰ পিচতেই সাংবাদিকৰ সৈতে হোৱা বাৰ্তালাপত বৰপেটা লোকসভা সমষ্টিৰ কংগ্ৰেছী প্ৰাৰ্থী আব্দুল খালেকৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে দীপক দাস ৷ আব্দুল খালেকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি কয় যে, আব্দুল খালেক অপসংস্কৃতিৰ বাহক ৷ তেওঁ কামে কাজে অপসংস্কৃতি বহন কৰি আহিছে ৷ সনকুছি অঞ্চলৰ স্থানীয় ৰাইজক অসমীয়াৰ পৰিৱৰ্তে বাংলা ভাষা লিখিবলৈ প্ৰৰোচিত কৰি আহিছে ৷ এন আৰ চি বিৰোধী আব্দুল খালেকে কংগ্ৰেছ চৰকাৰৰ দিনত গুলীয়াই মানুহ মৰাৰ সময়তে ইয়াৰ নেতা আছিল ৷ নাগৰিকত্ব সংশোধনী বিধেয়ক বিৰোধিতা কৰাৰ নৈতিক অধিকাৰ নাই আব্দুল খালেকৰ ৷ অসমীয়া, বাঙালী, হিন্দু মুছলমানৰ মাজত বিভাজনৰ ৰাজনীতি কৰি আহিছে আব্দুল খালেকে ৷