নতুন দিল্লী,২৭ এপ্ৰিলঃ বৰ্তমানেও চৰ্চাত আছে পূব দিল্লীৰ বিজেপি প্ৰাৰ্থী গৌতম গম্ভীৰৰ বিৰুদ্ধে আম আদমি দলে উত্থাপন কৰা অভিযোগ। এই সন্দৰ্ভত প্ৰদেশ বিজেপি অধ্যক্ষ মনোজ তিৱাৰীয়ে কয় যে গৌতম গম্ভীৰৰ বিৰুদ্ধে দুখনকৈ পৰিচয় পত্ৰ থকা বুলি অভিযোগ উত্থাপন কৰি আম আদমী পাৰ্টীয়ে দিল্লীৰ জনগণক জনাই দিছে যে তেওঁলোকে ইতিমধ্যে নিৰ্বাচনত হাৰ মানিছে। সেয়েহে গৌতম গম্ভীৰৰ বিৰুদ্ধে ষড়যন্ত্ৰত লিপ্ত হৈছে।
আপে গৌতম গম্ভীৰৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচিছেঃ মনোজ তিৱাৰী - ETV BHARAT
সম্পূৰ্ণৰূপে হতাশ আৰু নিৰাশ হৈ পৰিছে আম আদমী পাৰ্টী। যাৰ বাবে ভিত্তীহীন অভিযোগ উত্থাপন কৰি আছে দলটোৱে। মনোনয়ন পত্ৰ দাখিলৰ সময়ত ক্ৰিকেটাৰ তথা বিজেপি নেতা গৌতম গম্ভীৰৰ বিৰুদ্ধে আম আদমী পাৰ্টীয়ে উত্থাপন কৰা অভিযোগ সম্পূৰ্ণ ভুল। এই মন্তব্য কৰে বিজেপি নেতা মনোজ তিৱাৰীয়ে।
AAPয়ে নিৰ্বাচনত হাৰ মানি ষড়যন্ত্ৰ ৰচিছে গৌতম গম্ভীৰৰ বিৰুদ্ধে
যিদৰে গম্ভীৰৰ ওপৰত ইয়াৰ পূৰ্বেও উত্থাপিত অভিযোগ ভুল প্ৰমাণিত হৈছিল ঠিক তেনেদৰে পৰিচয় পত্ৰৰ অভিযোগৰ ক্ষেত্ৰতো মিছা প্ৰমাণিত হ'ব বুলি উল্লেখ কৰে বিজেপিৰ নেতাগৰাকীয়ে। লগতে তেওঁ কয় যে কেজৰিৱালে ভোটাৰসকলক বিকাশৰ মূল বিষয়সমূহৰ পৰা বিপথে পৰিচালিত কৰাৰ বাবে এনেধৰণৰ প্ৰচেষ্টা চলাইছে।