অসম

assam

নিৰ্বাচনী হিংসাত উত্তপ্ত পশ্চিমবংগঃ দুঠাইত বোমা বিস্ফোৰণ

By

Published : May 19, 2019, 3:29 PM IST

সপ্তম তথা পৰ্যায়ৰ লোকসভা নিৰ্বাচনত ঠায়ে ঠায়ে সৃষ্টি হয় ব্যাপক হিংসা ৷ পশ্চিমবংগৰ বিভিন্ন ঠাইত বিজেপি আৰু তৃণমুল কৰ্মীৰ মাজত সংঘাট সৃষ্টি হোৱাৰ লগতে দেগঙ্গাৰ আৰু ইসলামপুৰত সংঘটিত হয় বোমা বিস্ফোৰণ ৷

নিৰ্বাচনী হিংসাত উত্তপ্ত পশ্চিমবংগঃ দুঠাইত বোমা বিস্ফোৰণ

নিউজ ডেস্ক, 19 মেঃ দেশৰ সাতখন ৰাজ্য তথা এখন কেন্দ্ৰীয়শাসিত অঞ্চলত চলি আছে সপ্তম তথা অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ প্ৰক্ৰিয়া ৷ বিভিন্ন ঠাইত শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত হোৱাৰ বিপৰীতে পশ্চিমবংগৰ বিভিন্ন স্থানত সংঘটিত হয় ব্যাপক হিংসাত্মক কাৰ্য্য ৷

ৰাজ্যখনৰ দেগঙ্গাৰ আৰু ইসলামপুৰত সংঘটিত হয় বোমা বিস্ফোৰণৰ ঘটনা ৷ দেগঙ্গাৰৰ 66 আৰু 67 নং ভোটগ্ৰহণ কেন্দ্ৰত দুষ্কৃতিকাৰীয়ে বোমা নিক্ষেপ কৰে ৷ ঘটনাস্থলীত নিৰাপত্তা বাহিনীৰ লোক উপস্থিত হোৱাৰ পিচতেই বাইক এৰি ঘটনাস্থলীৰ পৰা পলায়ন কৰে দুষ্কৃতিকাৰীয়ে ৷ স্থানীয় বাসিন্দাই প্ৰকাশ কৰা অনুসৰি, দুয়োটা ভোটগ্ৰহণ কেন্দ্ৰতে নিৰ্বাচন আৰম্ভ হোৱাৰ সময়ৰ পৰাই তৃণমুল কংগ্ৰেছৰ কৰ্মীসকলে সাধাৰণ লোকক ভোটদান কৰাত বাধা প্ৰদান কৰাৰ লগতে বোমা নিক্ষেপ কৰে ৷

নিৰ্বাচনী হিংসাত উত্তপ্ত পশ্চিমবংগঃ দুঠাইত বোমা বিস্ফোৰণ

আনহাতে ইছলামপুৰত সংঘটিত বোমা বিস্ফোৰণৰ ঘটনাৰ সৈতেও তৃণমুল কংগ্ৰেছৰ কৰ্মী জড়িত থকাৰ অভিযোগ উত্থাপিত হৈছে ৷ ইছলামপুৰৰ মাদাৰিপুৰ জুনিয়ৰ হাইস্কুলস্থিত ভোটগ্ৰহণ কেন্দ্ৰত সংঘটিত হোৱা হিংসাত্মক ঘটনাত এগৰাকী সাংবাদিক গুৰুতৰভাৱে আহত হয় ৷ আনহাতে এই ঘটনাৰ পিচতেই স্থানীয় ৰাইজে 31 নং ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰে যদিও ঘটনাস্থলীত কেন্দ্ৰীয় নিৰাপত্তা বাহিনীৰ লোক উপস্থিত হোৱাত শান্তিপূৰ্ণ নিৰ্বাচন অনুষ্ঠিত হয় ৷

ABOUT THE AUTHOR

...view details