অসম

assam

ETV Bharat / elections

মোবাইলতে ভাষণ দিলে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিয়ে - ৰেৱতী ত্ৰিপুৰা

ত্ৰিপুৰা বিজেপিৰ এক সভাত অংশগ্ৰহণৰ বাবে উপস্থিত হোৱাৰ কথা আছিল অমিত শ্বাহৰ ৷ ৰাইজ আহিল কিন্তু নাহিল অমিত শ্বাহ ৷

মোবাইলতে ভাষণ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ

By

Published : Apr 12, 2019, 12:03 AM IST


কৰিমগঞ্জ, 11 এপ্ৰিলঃত্ৰিপুৰা বিজেপিৰ হৈ এক সভাত উপস্থিত হোৱাৰ কথা আছিল বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি অমিত শ্বাহ ৷ বিয়লি দুই বজাত উত্তৰ ত্ৰিপুৰা লোকসভা সমষ্টিৰ প্ৰাৰ্থী ৰেৱতী ত্ৰিপুৰাৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলাবলৈ অহাৰ কথা আছিল অমিত শ্বাহৰ ৷

কিন্তু গ'ল কথা আহিল মানুহ, পিছে নাহিল অমিত শ্বাহ ৷ অনুষ্ঠানত অংশগ্ৰহণ কৰিব বুলি বিজেপিৰ নেতা, কৰ্মীকে ধৰি ত্ৰিপুৰাৰ মুখ্যমন্ত্ৰী সকলোৱে অপেক্ষা কৰি আছিল যদিও সেই আশাত চেঁচাপানী ঢালিলে অমিত শ্বাহে ৷

মোবাইলতে ভাষণ বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতিৰ

নিৰ্বাচনী প্ৰচাৰত উপস্থিত থাকিব নোৱাৰিলেও মোবাইলতে ভাষণ দিলে বিজেপিৰ সভাপতিজনে ৷ বিজেপিৰ ৰাষ্ট্ৰীয় সহ সম্পাদক সুনীল দেওধৰৰ মোবাইললৈ ফোন কৰি ফোনতে ভাষণ সামৰিলে অমিত শ্বাহে ৷ তথ্য প্ৰযুক্তিৰ দিনত ফ্ৰী ইন্টাৰনেট সেৱাৰ সুবিধা ভালদৰেই ব্যৱহাৰ কৰিলে বিজেপিৰ সভাপতিগৰাকীয়ে ৷

ABOUT THE AUTHOR

...view details