অসম

assam

32 বাৰ পৰাজয়ৰ পিচটো হাৰ নমনা এগৰাকী 84 বছৰীয়া বৃদ্ধ

By

Published : Apr 6, 2019, 9:29 AM IST

এয়া ওড়িশাৰ ডাঃ শ্যাম বাবু সুবুধি, যিয়ে 1962 চনৰ পৰাই নিৰ্বাচনৰ প্ৰতিদ্বন্দিতা কৰি আহিছে ৷

সৌজন্যঃ ANI

নিউজ ডেস্ক, 6 এপ্ৰিলঃ এগৰাকী 84 বছৰীয়া বৃদ্ধ যিয়ে 1962 চনৰ পৰাই লোকসভা আৰু বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি আহিছে আৰু প্ৰত্যেক বাৰেই নিৰ্বাচনত পৰাজিত হৈ আহিছে ৷ কোন এইগৰাকী ব্যক্তি, চাওঁক এই প্ৰতিবেদন ৷

এওঁৰ নাম ডাঃ শ্যাম বাবু সুবুধি, যিয়ে 1962 চনৰ পৰাই লোকসভা আৰু বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰি আহিছে ৷ যিটো সময়ত সকলোৱে নিৰ্বাচনক লৈ ব্যস্ত হৈ পৰিছে, সেই সময়তে নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ ওলাইছে এইগৰাকী ব্যক্তিয়ে ৷

সৌজন্যঃ ANI

বৰ্তমান সময়লৈ ৰাজ্যসভা, লোকসভা আৰু বিধানসভা নিৰ্বাচনত সৰ্বমুঠ 32 বাৰ প্ৰতিদ্বন্দিতা কৰিছে ডাঃ শ্যাম বাবু সুবুধিয়ে ৷ ইয়াৰ ভিতৰত আস্কা আৰু বঢ়মপুৰ সমষ্টিৰ পৰা 20 বাৰ, জিনঝিৰি সমষ্টিৰ পৰা 5 বাৰ, 2 বাৰ কবি সূৰ্য্য নগৰ আৰু 2 বাৰ বঢ়মপুৰ লোকসভা সমষ্টিৰ লগতে অন্যান্য সমষ্টিকে ধৰি সৰ্বমুঠ 32 বাৰ প্ৰতিদ্বন্দিতা কৰিছে আৰু প্ৰত্যেক বাৰেই নিৰ্বাচনত হাৰি আহিছে ৷

32 বাৰ পৰাজয়, তথাপিও হাৰ নমনা এইগৰাকী প্ৰাৰ্থীয়ে লোকসভা নিৰ্বাচনৰ সমান্তৰালকৈ ৰাজ্যখনত হ'বলগীয়া বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব ৷ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে প্ৰতিদ্বন্দিতা কৰিবলগীয়া প্ৰাৰ্থীগৰাকীৰ প্ৰতীক চিহ্ন হ'ব, "Prime Minister Candidate" বুলি লিখা থকা এখন ক্ৰিকেট বেট ৷

ABOUT THE AUTHOR

...view details