নিউজ ডেস্ক, 25 এপ্ৰিলঃ দেশৰ আঠখনকৈ ৰাজ্যৰ 71খন লোকসভা আসনৰ বাবে চতুৰ্থ পৰ্যায়ত অনুষ্ঠিত হ'ব নিৰ্বাচন ৷ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলগীয়া সৰ্বমুঠ 928 গৰাকী প্ৰাৰ্থীৰ ভিতৰত 210গৰাকী প্ৰাৰ্থীৰ বিৰুদ্ধে আছে অপৰাধজনিত গোচৰ ৷
চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত 210 গৰাকী প্ৰাৰ্থীৰে আছে অপৰাধমূলক গোচৰ - National Election Watch
চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব সৰ্বমুঠ 928 গৰাকী প্ৰাৰ্থীয়ে ৷ আপুনি জানি আচৰিত হ'ব যে, এইসমূহ প্ৰাৰ্থীৰ ভিতৰত 210 গৰাকী প্ৰাৰ্থীৰে আছে অপৰাধজনিত গোচৰ ৷ এশ্ব'চিয়েশ্বন অৱ ডেম'ক্ৰেটিক ৰিফৰ্ম নামৰ সংস্থাৰ প্ৰতিবেদনত প্ৰকাশ পাইছে এই তথ্য ৷
চতুৰ্থ পৰ্যায়ৰ নিৰ্বাচনত 210 গৰাকী প্ৰাৰ্থীৰে আছে অপৰাধমূলক গোচৰ
নেশ্বনেল ইলেকশ্বন ৱাটছ আৰু এশ্ব'ছিয়েশ্বন অৱ ডেম'ক্ৰেটিক ৰিফৰ্মছ নামৰ সংস্থাই যুটীয়াভাৱে প্ৰকাশ কৰিছে এই প্ৰতিবেদন ৷ প্ৰতিবেদনত প্ৰকাশ পোৱা তথ্য অনুসৰি, 57 গৰাকী বিজেপি, 57 গৰাকী কংগ্ৰেছ, 10 গৰাকী বহুজন সমাজবাদী পাৰ্টী আৰু 345 গৰাকী নিৰ্দলীয় প্ৰাৰ্থীৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ ৰুজু হৈ আছে ৷ সংস্থাটোৱে প্ৰকাশ কৰা প্ৰতিবেদন অনুসৰি 71 সমষ্টিৰ ভিতৰত 37 সমষ্টিত ৰেড এলাৰ্ট ঘোষণা কৰা হৈছে কিয়নো এইসমূহ সমষ্টিত তিনিজনতকৈ অধিক প্ৰাৰ্থীয়ে অপৰাধজনিত গোচৰত জড়িত ৷