অসম

assam

ETV Bharat / elections

বিজেপিৰ ১০০ প্লাছৰ অংকত লাগিছে আউল : যেনে-তেনে 68 - ২০১৬ ৰ নিৰ্বাচন

বিজেপিৰ আত্মবিশ্বাস ভৰা দাবী আছিল যে এইবাৰ বিজেপি আৰু মিত্ৰজোটে লগ লাগি এশৰো অধিক আসন পোৱাটো নিশ্চিত । চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজন ৬৪ খন আসন । কিন্তু বিজেপি মিত্ৰজোটে এশখনতকৈও অধিক আসন লাভ কৰিব বুলি দাবী কৰি আহিছিল । কিন্তু শেহতীয়াকৈ বিজেপিৰ এই 100 প্লাছৰ অংকত আউল লাগিছে ।

বিজেপিৰ ১০০ প্লাছৰ অংকত আউল লাগিছেঃ টানিটুনি 68
বিজেপিৰ ১০০ প্লাছৰ অংকত আউল লাগিছেঃ টানিটুনি 68

By

Published : Apr 14, 2021, 2:19 PM IST

গুৱাহাটী, ১৪ এপ্ৰিল : "বিজেপি প্লাছ, 100+" । নিৰ্বাচনৰ পূৰ্বে এয়াই আছিল বিজেপিৰ শ্ল'গান । গেৰুৱা দলটোৰ আত্মবিশ্বাস ভৰা দাবী আছিল যে এইবাৰ বিজেপি আৰু মিত্ৰজোঁটে লগ লাগি এশৰো অধিক আসন পোৱাটো নিশ্চিত । চৰকাৰ গঠন কৰিবলৈ প্ৰয়োজন ৬৪ খন আসন । কিন্তু বিজেপি মিত্ৰজোটে এশখনতকৈও অধিক আসন লাভ কৰিব বুলি দাবী কৰি আহিছিল । কিন্তু শেহতীয়াকৈ বিজেপিৰ এই 100 প্লাছৰ অংকত আউল লাগিছে । দলটোৰ নিজৰ সমীক্ষাতেই প্ৰকাশ পাইছে এই আশংকা । অসমত তিনিওটা পৰ্যায়ৰ ভোটগ্ৰহণ হৈ যোৱাৰ পিছত বিজেপিয়ে নিজাববীয়াকৈ যি সুক্ষ্মাতিসুক্ষ্ম সমীক্ষা চলাইছিল সেই সমীক্ষাৰ ফলাফলে এতিয়া চিন্তিত আৰু উদ্বিগ্ন কৰি তুলিছে বিজেপিৰ দিল্লীৰ ৰাষ্ট্ৰীয় নেতৃত্বকো । ৰাজ্যিক বিজেপিৰ এক শীৰ্ষ সূত্ৰই আজি ইটিভি ভাৰতক এই কথা প্ৰকাশ কৰি কয় যে উক্ত সমীক্ষাত প্ৰকাশ পোৱা অনুসৰি বিজেপি আৰু মিত্ৰদলসমূহে মিলি ৬৮ খন আসন লাভ কৰাটোহে খাটাং হৈছে । যদিও চৰকাৰ গঠন কৰিবলৈ ৬৪ খন আসনহে যথেষ্ট কিন্ত ৬৮ খন আসন যদিহে বিজেপি আৰু মিত্ৰদলে লাভ কৰে তেন্তে গেৰুৱা দলটোৰ বাবে চৰকাৰ গঠন কৰাৰ ক্ষমতা থাকিলেও যিকোনো মুহূৰ্ততে বিপদ নামি আহিব পাৰে ।

বিজেপিৰ ১০০ প্লাছৰ অংকত আউল লাগিছেঃ টানিটুনি 68

ইয়াৰ বিপৰীতে ৩২ খন আসনত বিজেপিৰ জয়লাভৰ কোনো সম্ভাৱনা নাই বুলি সমীক্ষাটোত প্ৰকাশ পায় । দলটোৱে নিজাকৈ চলোৱা এই সমীক্ষাত আন ২৬ খন আসনত বিজেপি জিকিব নে নিজিকে তাক লৈও সন্দেহ আছে বুলি প্ৰকাশ পাইছে । বিজেপি আৰু মিত্ৰজোটে নিশ্চিতভাবে বিজয় সাব্যস্ত কৰিব নোৱাৰিব বুলি ভবা ৩২ খন আসন হ'ল- নাওবৈচা, ৰূপহী, চামগুৰি, বটদ্ৰবা, বৰকলা, সোণাই, দলগাঁও, বদৰপুৰ, হাইলাকান্দি, কৰিমগঞ্জ দক্ষিণ, কাটলিচেৰা, ছয়গাঁও, আলগাপুৰ, জনিয়া, বকো, বাঘবৰ, চেঙা, ধুবুৰী, গৌৰীপুৰ, অভয়াপুৰী দক্ষিণ, অভয়াপুৰী উত্তৰ, বিলাসীপাৰা পূৱ বিলাসীপাৰা পশ্চিম, জলেশ্বৰ, গোৱালপাৰা পূৱ, গোৱালপাৰা পশ্চিম, মানকাচৰ, ধিং, দলগাঁও, যমুনামুখ, দক্ষিণ শালমাৰা আৰু লাহৰীঘাট ।

বিজেপিৰ ১০০ প্লাছৰ অংকত আউল লাগিছেঃ টানিটুনি 68

আনহাতে বিজেপি মিত্ৰজোটে নিজৰ বিজয়ক লৈ এতিয়াও নিশ্চিত হ’ব নোৱৰা ২৬ খন আসন হ'ল- আমগুৰি, টীয়ক, মৰিয়নি, থাওৰা, ডুমডুমা, বিহপুৰীয়া, শিৱসাগৰ, মঙলদৈ, চতিয়া, কলাইগাঁও, ওদালগুৰি, কৰিমগঞ্জ উত্তৰ, কাটিগড়া, উদাৰবন্দ, হাজো, বৰক্ষেত্ৰী, পাথাৰকান্দি, গোসাইগাঁও, সৰভোগ, কোকৰাঝাৰ পূৱ, কোকৰাঝাৰ পশ্চিম, ভবানীপুৰ, চিদলী, চাপাগুৰি, ৰহা আৰু গোলকগঞ্জ । মনকৰিবলগীয়া যে বিজেপিয়ে নিজৰ দখললৈ এইবাৰ নাহিব বুলি ভবা ৩২ খন আসনৰ ভিতৰত চাৰিখন আসন ক্ৰমে বটদ্ৰবা, বিলাসীপাৰা পূৱ, সোণাই আৰু বৰখলা ২০১৬ ৰ নিৰ্বাচনত বিজেপিয়ে লাভ কৰিছিল । গতিকে এই সমীক্ষাই এতিয়া বিজেপিৰ আভ্যন্তৰত স্বাভাৱিকতে জোকাৰণি তুলিছে ।

লগতে পঢ়ক : বুঢ়ী দিহিং নৈত গৰু গা ধুৱাবলৈ গৈ সন্ধানহীন দুই যুৱক

ABOUT THE AUTHOR

...view details